প্ৰিয়ংকা গান্ধীৰ লক্ষ্য এইবাৰ তেলেংগানা !

Share This Article

কৰ্ণাটকৰ নিৰ্বাচনত কংগ্ৰেছ দলৰ প্ৰচাৰৰ গুৰু দায়িত্বভাৰ লৈ এইবাৰ কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী পোনে পোনে পালেগৈ তেলেংগানা।তেলেংগানাত সোমবাৰে তেওঁ এক যুৱ সন্মিলনত অংশ লৈ ভাৰত ৰাষ্ট্ৰ সমিতিয়ে যুৱকসকলৰ বাবে একো কামেই নকৰিলে বুলি বৰ্তমানৰ শাসক দলৰ চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে।প্ৰিয়ংকা গান্ধীয়ে কয় যে ৰাজ্যখনত মুঠ ৪০ লাখ পঞ্জীয়নভুক্ত নিবনুৱা আছে ,সেই সকলৰ কৰ্মসংস্থাপনৰ বাবে কোনো ব্যৱস্থা লোৱা নাই কেচি আৰৰ চৰকাৰখনে।ভাষণ প্ৰসংগত প্ৰিয়ংকা গান্ধীয়ে কয় যে তেলেংগানাৰ সৃষ্টিৰ আঁৰত আছে ছোনিয়া গান্ধীৰ হাত৷ছোনিয়া গান্ধীয়ে তেলেংগানাবাসীৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিছিল।প্ৰিয়ংকা গান্ধীয়ে লগতে কয় যে ‘তেলেংগানাই সুকীয়া ৰাজ্যৰ স্বীকৃতি লাভ কৰা ৯ বছৰ হ’ল।মোৰ পৰিয়ালৰ লোকেও দেশৰ বাবে প্ৰাণ বিসৰ্জন দিলে।তেলেংগানাক সুকীয়া ৰাজ্য হিচাপে স্বীকৃতি দিয়াটো সহজ কথা নাছিল।একমাত্ৰ তেলেংগানা বাসীৰ সপোন আৰু আশাক বাস্তৱ ৰূপ দিবলৈকে ছোনিয়া গান্ধীয়ে এই অসাধ্য কামটোও সম্ভৱ কৰি তুলিছিল।’

তেওঁ পুনৰ কয় ‘ ভাৰত ৰাষ্ট্ৰ সমিতিয়ে জনতাক পানী,পুঁজি আৰু কৰ্মসংস্থাপন দিব বুলি প্ৰতিশ্ৰুতি দিছিল৷কিন্তু BRS চৰকাৰে জনতাক প্ৰবঞ্চনা কৰিছে।প্ৰায় ৮ হাজাৰ কৃষকে এতিয়ালৈকে আত্মহত্যা কৰিলে।তেলেংগানা ষ্টেট পাব্লিক চাৰ্ভিছ কমিছনৰ প্ৰশ্ন কাকত ফাদিল সম্পৰ্কতো কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে চৰকাৰে।’
প্ৰিয়ংকা গান্ধীৰ এই প্ৰতিশ্ৰুতিৰ পিছত বিজেপি দলৰ মুখপাত্ৰ এন ভি সুভাষে কয় ‘ ৰাজস্থানৰ বিগত বিধানসভাৰ নিৰ্বাচনৰ আগতো এনেকুৱা মিছা প্ৰতিশ্ৰুতি দিছিল প্ৰিয়ংকা গান্ধীয়ে৷এতিয়া সেই সকল লোকে প্ৰিয়ংকা গান্ধীক সাক্ষাৎ কৰিব বিচাৰি আছে,কিন্তু মিছা প্ৰতিশ্ৰুতি দিয়া প্ৰিয়ংকাই এতিয়া তেওঁলোকক সাক্ষাৎ নকৰে।এই ভুৱা প্ৰতিশ্ৰুতিৰে তেওঁ তেলেংগানা আৰু কৰ্ণাটকৰ যুৱপ্ৰজন্মক আকৰ্ষণ কৰিব বিচাৰিছে কিন্তু তেওঁ এইক্ষেত্ৰত সফল নহ’ব।’উল্লেখ্য যে প্ৰিয়ংকা গান্ধীয়ে তেলেংগানাৰ যুৱ সন্মিলনত অংশ লৈ শ্বহীদ পৰিয়াললৈ ২৫ হাজাৰ পেঞ্চন দিয়াৰ কথা ঘোষণা কৰাৰ লগতে ২লাখ খালী চাকৰি পূৰণ,নিবনুৱা লৈ ৪০০০ টকাৰ মাহেকীয়া ভাট্টা,যুৱতীৰ বাবে ইলেক্ট্ৰনিক বাহন দিয়াৰ কথা ঘোষণা কৰে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.