স্বেচ্ছাচাৰী শাসকৰ ঘৃণনীয় ৰূপ !

Share This Article

দেশখনত চলিছে স্বেচ্ছাচাৰী শাসন।নিজৰ মতে একো কৰিব নোৱাৰিব জনতাই। ৰাখিব নোৱাৰিব নিজৰ পচন্দৰ নামো।এসপ্তাহৰ ভিতৰত সলাব লাগিব নাম।অন্যথা সন্মুখীন হ’ব গুৰুতৰ শাস্তিৰ।কোনে ক’ত কিয় দিছে এই নিৰ্দেশ?দেশখনত চলিছে একচত্ৰী নায়কৰ শাসন !শাসকে যি মন যায় তাকেই কৰি আছে দেশখনত।কাৰো ওলোটাকৈ প্ৰশ্ন কৰাৰ সাহস নাই।কৰিলেও সন্মুখীন হ’ব লাগে ভয়ংকৰ শাস্তিৰ !হয়,উত্তৰ কোৰিয়াৰ নেতা তথা ৰাষ্ট্ৰপতি কিম জং উনৰ কথাই কোৱা হৈছে।শেহতীয়াকৈ দেশখনত জাৰি কৰা হৈছে এক কঠোৰ নিৰ্দেশনা।নিৰ্দেশনা অনুসৰি কিম জং উনৰ কন্যাৰ লগত মিলা অৰ্থাৎ একে নাম ৰাখিব নোৱাৰিব কোনেও।ফক্স নিউজত প্ৰকাশিত বাতৰি অনুসৰি উত্তৰ কোৰিয়াত এতিয়া কিম জন উনৰ কন্যাৰ নামৰ লগত একে নামৰ মানুহৰ নাম তাৎক্ষণিকভাৱে সলনি কৰাৰ নিৰ্দেশ দিয়া হৈছে।উল্লেখ্য যে কিম জন উনৰ কন্যাৰ নাম জু এ আৰু তেওঁৰ বয়স মাত্ৰ ১০ বছৰ৷উত্তৰ পিয়ংইয়ং আৰু দক্ষিণ পিয়ংইয়ঙৰ স্থানীয় প্ৰশাসনে এক জৰুৰী জাননীৰ জৰিয়তে জু এ নামৰ সকলো যুৱতী,শিশু অথবা মহিলাৰ নাম সলনি কৰিবলৈ নিৰ্দেশ দিছে৷’দেশখনৰ নিৰাপত্তা মন্ত্ৰালয়ে জু এ নামেৰে দেশৰ পঞ্জীয়ন বিভাগত পঞ্জীভুক্ত হৈ থকা মহিলা,যুৱতী,শিশুৰ নাম তাৎক্ষণিকভাৱে সলনি কৰাৰ নিৰ্দেশ দিছে৷লগতে এই নামসমূহ সলনি কৰাৰ বাবে মাথোন এটা সপ্তাহৰ চূড়ান্ত সময় সীমা বান্ধি দিছে৷’গুৰুত্বপূৰ্ণ বিষয় এয়ে যে ‘ছাউথ মৰ্ণিং প’ষ্ট’ত প্ৰকাশিত এক বাতৰি অনুসৰি ইয়াৰ পূৰ্বে ২০১৪ চনতো এক নিৰ্দেশনা অনুসৰি কিম জং উন নামটো সাধাৰণ লোকৰ নামৰ ক্ষেত্ৰত ব্যৱহাৰ কৰাত বাধা আৰোপ কৰা হৈছিল।দেশখনত অলপতে অনুষ্ঠিত এক সামৰিক পেৰেডত কিম জং উনৰ লগত তেওঁৰ ১০ বছৰীয়া কন্যা জু এ- কো দেখা গৈছিল।তাৰ পিছতেই কিম জং উনে তেওঁৰ ১০ বছৰীয়া কন্যা গৰাকীক উত্তৰাধিকাৰী পদত অধিষ্ঠিত কৰাৰ বিষয়টো চৰ্চিত হৈছিল।জু এ ৰাষ্ট্ৰপতি কিম জ’ উনৰ তিনিটি সন্তানৰ ভিতৰত জ্যেষ্ঠ।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.