লোকলৈ হুল পুতি ,পাকিস্তান মৰিল ফুটি

Share This Article

প্ৰতিৱেশী পাকিস্তানত ভয়ংকৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে ।ঘেঁহুৰ অভাৱত ভুগিছে দেশখন। ফলত এটুকুৰা ৰুটিৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে পাকিস্তানীয়ে।বিগত মে’ মাহৰ পৰা দেশখন ভুগিছিল অভাৱনীয় বানপানীৰ কবলত ।পাকিস্তানৰ ইতিহাসত দেশখন প্ৰথমবাৰৰ বাবে ভয়ংকৰ বানপানীৰ কবলত পৰিছিল যাৰ ফলত দেশখনত কৃষিজাত সামগ্ৰীৰ উৎপাদন সম্পূৰ্ণ ধ্বংস হৈছিল ।বৰ্তমান বুভুক্ষু জনতাৰ মাজত মিনি ট্ৰাকত আটা বিলাবলৈ নিয়া হৈছে যদিও কিন্তু সম্পূৰ্ণ নিৰাপত্তাৰ মাজতহে নিয়া হৈছে ।ক্ষুধাতুৰ জনতাই এটুকুৰা ৰুটিৰ বাবে লিপ্ত হৈছে সংঘৰ্ষত আৰু যাৰ পৰা পৰিত্ৰাণ পাবলৈ নিৰাপত্তা বেষ্টনীৰ মাজত আটা বিক্ৰীৰ বাবে জনতাৰ ওচৰলৈ লৈ যোৱাৰ দৰে পৰিৱেশৰ সৃষ্টি হৈছে।বেলুচিস্তানত আটাৰ বাবে জনতাৰ মাজত হৈছে হতাহতি৷প্ৰতি লিটাৰ আটাৰ মূল্য হৈছেগৈ ৫৩২ টকা৷পিঁয়াজৰ দাম ২২০ টকা মুদ্ৰাস্ফীতিয়ে দেশ খনত ইমান ভয়ংকৰ ৰূপ লৈছে যে ৰাৱালপিণ্ডিৰ দৰে জনবহুল বজাৰ অঞ্চলৰ দোকানত কোনো গ্ৰাহক পৰিলক্ষিত হোৱা নাই। পাকিস্তানৰ টকাৰ মূল্য অভাৱনীয় হাৰত হ্ৰাস পাইছে৷প্ৰতি এক মাৰ্কিন ডলাৰৰ বিপৰীতে পাকিস্তানৰ টকাৰ মূল্য হৈছে ২২৫ টকা।উল্লেখযোগ্য যে ভাৰত -পাকিস্তান বিভাজনৰ পৰা পাকিস্তানৰ প্ৰধান লক্ষ্য হৈছে সন্ত্ৰাসবাদক পোহপাল দি ভাৰতত অশান্তিৰ সৃষ্টি কৰা।ভাৰতক ৰক্তাক্ত কৰি ভাৰতক অশান্ত কৰাৰ লক্ষ্যত ব্ৰতী পাকিস্তানে পৰমাণু বোমাৰে ভাৰতক ধ্বংস কৰাৰ পৰিকল্পনা কৰিছিল৷কিন্তু ভাৰতক ধ্বংস কৰিব বিচৰা পাকিস্তান নিজেই আজি ধ্বংসৰ গৰাহত৷অৰ্থনৈতিকভাৱে সম্পূৰ্ণ ভাগি পৰা পাকিস্তানে সহায় বিচাৰিছে ছৌডি আৰৱ,চীন আৰু আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধিৰ পৰা।ইতিমধ্যে দেশখনে বিদেশৰ কেইবাটাও দূতাবাস বিক্ৰী কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.