গুৱাহাটী প্ৰেছ ক্লাবত ডিজিটেল মেডিয়া জার্নেলিষ্ট ফৰামৰ বৈঠক

ৰাজ্যখনৰ ডিজিটেল সাংবাদিকতাৰ লগত জড়িত সংবাদ কর্মী সকলৰ সমস্যা সমাধান আৰু ভৱিষ্যত সুৰক্ষাৰ বাবে গঢ় লৈ উঠা ‘ডিজিটেল মেডিয়া জার্নেলিষ্ট ফৰাম অসম’ৰ এখন সাধাৰণ সভা গুৱাহাটী প্ৰেছ ক্লাবত আজি অনুষ্ঠিত হয়৷বিভিন্ন নিউজ পর্টেল,অনলাইন বাতৰি কাকতৰ লগত জড়িত সংবাদ কর্মী সকলক একত্ৰিত কৰি ফেব্ৰুৱাৰী মাহৰ ভিতৰত অসমৰ সকলো জিলাত জিলা সমিতি গঠন কৰি এখন শক্তিশালী মেডিয়া ফৰাম গঠন কৰাৰ বাবে সভাই আজি সিদ্ধান্ত গ্ৰহণ কৰে৷জেষ্ঠ্য সাংবাদিক অমল গুপ্তক সভাত বিশেষভাবে সম্বর্ধনা জনোৱা হয়৷ৰাষ্ট্ৰীয় পর্যায়ৰ সাংবাদিক বিধায়ক দাসে ডিজিটেল মেডিয়াৰ লগত জড়িত সাংবাদিকৰ সমস্যা আৰু সম্ভাৱনাৰ ওপৰত আলোকপাত কৰে৷জেষ্ঠ্য সাংবাদিক প্ৰণব বৰা,বাবুল গগৈ,নয়নজ্যোতি ভূঞা,দীপক বর্মনৰ লগতে বিভিন্ন জিলাৰ পৰা অহা নিউজ পর্টেলৰ সাংবাদিক সকলে ডিজিটেল সাংবাদিকতাৰ ক্ষেত্ৰত আহি পৰা সমস্যা সন্দর্ভত মতামত আগবঢ়ায়৷ডিজিটেল মেডিয়া জার্নেলিষ্ট ফৰাম অসমৰ সভাপতি বেদব্ৰত বৰাই সভাপতিৰ ভাষণত ৰাজনৈতিক দুষ্টচক্ৰই বর্তমান সংবাদ মাধ্যমক গ্ৰাস কৰা বুলি মত প্ৰকাশ কৰে আৰু ডিজিটেল মেডিয়াৰ সাংবাদিক সকলে প্ৰকৃত সাংবাদিকতা কৰা বুলি উল্লেখ্য কৰে৷

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296