ৰে’ল বিভাগৰ আজৱ কাণ্ড

Share This Article

চিনেমাৰ কাহিনীয়ে পালে বাস্তৱ ৰূপ ।হনুমান মন্দিৰটো নিৰ্মাণ কৰিছিল ৰে’লৰ ভূমিত।ৰে’ল বিভাগে অবৈধ ভূমি দখলৰ বাবে এই জাননী প্ৰেৰণ কৰিছে ভগৱান ভক্ত হনুমানক৷মধ্য প্ৰদেশৰ মৰেনা জিলাৰ চবলগড়ত সংঘটিত এই ঘটনা।সংবাদমাধ্যমত প্ৰকাশ পোৱা তথ্য অনুসৰি ৰে’ল বিভাগে জাননী প্ৰেৰণ কৰিছে বজৰংবলীলৈ।অৱশ্যে পিছত এই জাননীখন উঠাই লয় বিভাগটোৱে।অক্ষয় কুমাৰ আৰু পৰেশ ৰাৱল অভিনীত ‘অহ মাই গড’ নামৰ চিনেমাখনতো এনেকুৱা এটা কাহিনীয়ে দেখুওৱা হৈছিল।চিনেমাখনত প্ৰাকৃতিক দুৰ্যোগত ক্ষতিগ্ৰস্ত লোকৰ ক্ষতিপূৰণ বিচাৰি জাননী প্ৰেৰণ কৰা হৈছিল ভগৱানলৈ।সেই সময়ত চিনেমা খনক লৈ যথেষ্ট বিতৰ্কৰ সৃষ্টি হৈছিল ।ৰে’ল বিভাগৰ সূত্ৰ অনুসৰি বিগত ৮ ফেব্ৰুৱাৰীত ‘বজৰংবলী’লৈ এই জাননী প্ৰেৰণ কৰিছিল ৰে’ল বিভাগে।জাননীখনত ৭ দিনৰ ভিতৰত ৰে’লৰ ভূমি খালী কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল।পত্ৰখন ভাইৰেল হৈ পৰাৰ পিছতে ৰে’লবিভাগৰ এই অদ্ভুত কাণ্ডক লৈ হৈচৈৰ সৃষ্টি হয়৷লগে লগে ৰে’ল বিভাগে জাননীখন সংশোধন কৰিবলৈ বাধ্য হয়।পিছত নতুনকৈ ৰে’ল বিভাগে প্ৰেৰণ কৰা জাননী খনত মন্দিৰটোৰ পূজাৰী হৰিশংকৰ শৰ্মাৰ নাম উল্লেখ কৰি প্ৰেৰণ কৰা হয়।ঝান্সী ৰে’ল ডিভিজনৰ জনসম্পৰ্কৰক্ষী বিষয়া মনোজ মাথুৰে কয় ‘ প্ৰথম জাননীখন ভুলতে প্ৰেৰণ কৰা হৈছিল।বৰ্তমান পুনৰ এখন নতুন জাননী প্ৰেৰণ কৰা হৈছে পূজাৰী জনৰ নামত।’জনসম্পৰ্কৰক্ষী বিষয়া গৰাকীৰ মতে চেয়’পুৰ-গোৱালিয়ৰ ব্ৰডগজ লাইন বহল কৰাৰ বাবে মন্দিৰটো সেই স্থানৰ পৰা স্থানান্তৰিত কৰাটো অত্যন্ত প্ৰয়োজনীয় হৈ পৰিছে।মধ্য প্ৰদেশৰ এই ঘটনাই চৰকাৰী কৰ্মচাৰীৰ চৰম দায়িত্বহীনতাৰ বিষয়টো স্পষ্ট কৰিছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.