Investigative reporting with dedication.

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে প্ৰতিনিধিত্ব কৰা সমষ্টি ৱাইনাদত কেতিয়া হ’ব নিৰ্বাচন?উল্লেখ্য যে বিগত বৃহস্পতিবাৰে ছুৰাটৰ এখন আদালতে ২০১৯ চনৰ এক মানহানি গোচৰৰ বাবে ৰাহুল গান্ধীক দোষী সাব্যস্ত কৰে।কৰ্ণাটকৰ কোলাৰত ২০১৯ চনৰ এক নিৰ্বাচনী সভাত অংশ লৈ ৰাহুল গান্ধীয়ে ‘চোৰৰ উপাধি মোডীয়েই হয় নেকি’ বুলি উল্লেখ কৰিছিল।ইয়াৰ পিছতেই পূৰ্ণেশ মোডী নামৰ এগৰাকী গুজৰাটৰ বিধায়কে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে তৰিছিল মানহানি গোচৰ।বৃহস্পতিবাৰে আদালতে ৰাহুল গান্ধীক দোষী সাব্যস্ত কৰাৰ ২৪ ঘণ্টা পাৰ নৌহওঁতেই শুকুৰবাৰে লোকসভাৰ সচিবালয়ে ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰে ।গুৰুত্বপূৰ্ণ বিষয়টো হ’ল সাংসদ পদ খাৰিজ কৰাৰ লগে লগে তেওঁৰ সমষ্টি ৱাইনাদৰ আসনখন খালী হৈ পৰে।সেয়ে সমষ্টিটোত উপনিৰ্বাচন জৰুৰী হৈ পৰে।অৱশ্যে আদালতে তেওঁক ৩০ দিনৰ ভিতৰত ন্যায়ালয়ৰ কাষ চপাৰ সুযোগ প্ৰদান কৰে।কংগ্ৰেছ নেতৃত্বই ন্যায়ালয়ৰ কাষ চাপিব বুলি জনাই যদিও ৰাহুল গান্ধীয়ে বিষয়টোত কোনোধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই।ইফালে তেওঁ তেওঁৰ চৰকাৰী আবাসগৃহ খালী কৰাৰ জাননীও লাভ কৰিছে আৰু তেওঁ ইতিমধ্যে চৰকাৰী বাসভৱন এৰাৰ প্ৰস্তুতিও চলাইছে।
ন্যায়ালয়ৰ কাষ নাচাপিলে ৰাহুল গান্ধী দুবছৰৰ বাবে জেল যাত্ৰা নিশ্চিত।গতিকে ৰাহুল গান্ধীয়ে প্ৰতিনিধিত্ব কৰা সমষ্টিৰ আসন খালী হোৱাটো নিশ্চিত।বুধবাৰৰ সংবাদমেলত নিৰ্বাচন আয়োগে অৱশ্যে তেওঁ প্ৰতিনিধিত্ব কৰা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হোৱা নোহোৱাৰ বিষয়টোত মন্তব্যৰ পৰা বিৰত থাকি কয় ‘ ইমান দৌৰাদৌৰি নাই,ন্যায়ালয়ে ইয়াৰ উপশমৰ বাবে সময় দিছে।’




