ৰাহুলৰ ওচৰত আত্মসমৰ্পণ বিজেপিৰ !

Share This Article

বিজেপি দল তথা প্ৰধানমন্ত্ৰী মোডীৰ এতিয়া প্ৰধান লক্ষ্য হৈ পৰিছে প্ৰিয়ংকা গান্ধী । ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধী এতিয়া প্ৰধানমন্ত্ৰীৰ বাবে চকুৰ কূটা দাঁতৰ শূল । ৰাহুল গান্ধীক কোনো পধ্যেই নিয়ন্ত্ৰণলৈ আনিব নোৱাৰি এইবাৰ দলটোৱে লক্ষ্য কৰি লৈছে প্ৰিয়ংকা গান্ধীক ।এইবাৰ ৰাষ্ট্ৰীয় কংগ্ৰেছৰ সম্পাদক প্ৰিয়ংকা গান্ধীৰ বিৰুদ্ধে নিৰ্বাচন আয়োগৰ কাষ চাপিল বিজেপি দল । প্ৰিয়ংকা গান্ধীৰ এক ভাষণৰ বিৰোধিতাৰে নিৰ্বাচন আয়োগত গোচৰ তৰিলে বিজেপি দলে । বিগত ২০ অক্টোবৰত দোছাৰ এক জনসভাত কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে লেফাফা দিয়ে কিন্তু তাৰ ভিতৰত একো নাথাকে বুলি উল্লেখ কৰিছিল । তদুপৰি তেওঁ ED এ কেৱল বিৰোধীকহে কিয় টাৰ্গেট কৰি লয়,বিজেপিত সকলো নেতাই সৎ নেকি বুলিও প্ৰশ্ন কৰে । প্ৰিয়ংকা গান্ধীৰ এই দুটা মন্তব্যৰ বিৰোধিতা কৰিয়েই নিৰ্বাচন আয়োগৰ কাষ চাপিছে বিজেপি দল।উল্লেখ্য যে ইমান দিনে বিজেপি দল আৰু প্ৰধানমন্ত্ৰী মোডীৰ প্ৰধান লক্ষ্য হৈ আছিল ৰাহুল গান্ধী । কিন্তু শেহতীয়াকৈ প্ৰিয়ংকা গান্ধীৰ সক্ৰিয়তাও বিজেপিৰ বাবে হৈ পৰিছে অন্য এক মূৰৰ কামোৰণি । ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধী দুয়োজনৰ সমালোচনাৰ পৰা মুক্ত হৈ থকাতো বিজেপিৰ বাবে এক নতুন মূৰৰ কামোৰণি হৈ পৰিছে ।  ইয়াৰ আগতে বিজেপিৰ লক্ষ্য আছিল এটাই । কেৱল ৰাহুল গান্ধীক দমন কৰাটোৱেই আছিল বিজেপিৰ একমাত্ৰ টাৰ্গেট । সেয়ে ৰাহুল গান্ধীয়ে আদানি আৰু মোডীৰ সম্পৰ্কত লোকসভাৰ অধিবেশনত স্পষ্টীকৰণ বিচৰাৰ সময়তে ২০১৯ চনৰ এক পুৰণি গোচৰৰ ৰায়ৰ জৰিয়তে ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰাৰ লগতে ২ বছৰ কাৰাদণ্ডৰ নিৰ্দেশ দিছিল গুজৰাটৰ এখন আদালতে । ২০১৯ চনত কৰ্ণাটকৰ কোলাৰত এক জনসভাত ভাষণ দি সকলো মোডীয়েই কিয় চোৰ হয় বুলি প্ৰশ্ন কৰিছিল ৰাহুল গান্ধীয়ে ।ইয়াৰ পিছতেই গুজৰাটৰ এগৰাকী মোডী উপাধিৰ বিধায়কে ৰাহুল গান্ধীৰ বিৰুদ্ধে চুৰাট আদালতত গোচৰ তৰিছিল। কিন্তু ৰাহুল গান্ধীয়ে ন্যায়ালয়ত এই ৰায়ৰ প্ৰত্যাহবান জনাইছিল আৰু পুনৰ সাংসদ পদ ঘূৰাই পায় ।বিগত বৰ্ষত ৰাহুল গান্ধীয়ে ভাৰত জোড়ো যাত্ৰা আৰম্ভ কৰাৰ পৰাই জনসংযোগ বৃদ্ধি পোৱা ৰাহুল গান্ধীৰ জনপ্ৰিয়তা যথেষ্ট বৃদ্ধি পাইছে য’তেই ৰাহুল গান্ধী গৈছে তাতেই বাঢ়িছে ভিৰ । তদুপৰি ৰাহুল গান্ধীৰ ভগ্নী প্ৰিয়ংকা গান্ধীয়েও যথেষ্ট জনসমৰ্থন আদায় কৰিবলৈ সক্ষম হৈছে আৰু এই জনসমৰ্থন বৃদ্ধিটোৱেই হৈ পৰিছে বিজেপিৰ বাবে ভয়ংকৰ সমস্যা ।যাৰবাবে প্ৰিয়’কা গান্ধীৰ মুখ বন্ধ কৰাৰ বাবে নিৰ্বাচন আয়োগৰ কাষ চাপিছে বিজেপি । অহা ৩০ অক্টোবৰৰ ভিতৰত প্ৰিয়ংকা গান্ধীয়ে ইয়াৰ উত্তৰ দিব লাগিব ।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.