ৰাজ্যৰ চৰকাৰী শিক্ষানুষ্ঠানৰ বিৰুদ্ধে চলিছে নেকি এনকাউন্টাৰ অভিযান?

Share This Article

অসম চৰকাৰে ৰাজ্যত ইংৰাজী মাধ্যমৰ বিদ্যালয় স্থাপনৰ সিদ্ধান্ত লোৱাৰ সময়তে এতিয়া বন্ধ হবলৈ আৰম্ভ কৰিছে ইখনৰ পিছত সিখন চৰকাৰী অসমীয়া মাধ্যমৰ বিদ্যালয়৷অসমীয়া প্ৰতিদিন কাকতৰ এক বাতৰি অনুসৰি,আগন্তুক সময়খিনিত ৰাজ্যৰ ১ হাজাৰ ২ খন প্ৰাথমিক বিদ্যালয় একত্ৰিকৰণ হব আন প্ৰাথমিক বিদ্যালয়ৰ সৈতে৷একেদৰে ১ হাজাৰ ১৫ খন বিদ্যালয় একত্ৰিকৰণ হব উচ্চ প্ৰাথমিক বিদ্যালয়ৰ সৈতে৷আনহাতে ৯৭ খন উচ্চ প্ৰাথমিক বিদ্যালয় একত্ৰিকৰণ হব আন উচ্চ প্ৰাথমিক বিদ্যালয়ৰ সৈতে৷সেই অনুসৰি সর্বমুঠ ২ হাজাৰ ১১৪ খন বিদ্যালয় একত্ৰিকৰনৰ প্ৰস্তাব ইতিমধ্যে প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে প্ৰেৰণ কৰিছে আৰু বিষয়টো ৰাজ্য চৰকাৰৰ শীর্ষ পর্যায়ত বিবেচনাধীন হৈ আছে৷ৰাজ্য চৰকাৰৰ অনুমোদন পালেই শীঘ্ৰেই বন্ধ হৈ পৰিব ৰাজ্যৰ এই ২ হাজাৰ ১১৪ খন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়৷কিন্তু একত্ৰিকৰনৰ ফলত ৰাজ্যত শিক্ষানুষ্ঠানত বন্ধ হৈ পৰাৰ ঘটনা এইয়াই প্ৰথম নহয়৷বিদ্যালয় একত্ৰিকৰণৰ ফলত ২০১৭ চনৰ পৰা ২০১৯ চনলৈ ৰাজ্যত বন্ধ হল ৬ হাজাৰখন চৰকাৰী বিদ্যালয়৷এই সময়ছোৱাত ১ হাজাৰ ৮৮৫ খন প্ৰাথমিক বিদ্যালয় একত্ৰিকৰণ হল উচ্চ প্ৰাথমিক বিদ্যালয়ৰ সৈতে৷আনাহাতে ১ হাজাৰ ২৬৭ খন প্ৰাথমিক বিদ্যালয় আন প্ৰাথমিক বিদ্যালয়ৰ সৈতে,১০ খন উচ্চ প্ৰাথমিক আন উচ্চ প্ৰাথমিকৰ সৈতে,৮৫৩ খন প্ৰাথমিক বিদ্যালয় আৰু ১ হাজাৰ ৯৮৪ খন উচ্চ প্ৰাথমিক বিদ্যালয় উচ্চতৰ মাধ্যমিকৰ সৈতে একত্ৰিকৰণ কৰা হল৷ইয়াৰ ফলত ৰাজ্যত ইতিমধ্যে ৬ হাজাৰ খন বিদ্যালয় বন্ধ হৈ পৰিল৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.