Investigative reporting with dedication.

ক’ভিদ-১৯ ৰ পৰা সুস্থ হোৱাৰ ক্ষেত্ৰত অন্যতম ফলদায়কৰূপে বিবেচিত হোৱা প্লাজমা থেৰাপিৰ বাবে প্ৰয়োজনীয় প্লাজমা দানৰ ক্ষেত্ৰত অসম চৰকাৰে ব্যাপক সঁহাৰি লাভ কৰা কথা জানিব পৰা গৈছে।
প্ৰাপ্ত তথ্য অনুসৰি ইতিমধ্যে ৫৫ জন কৰোনাৰ পৰা সুস্থ হোৱা লোকে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পতালত নিজৰ প্লাজমা দান কৰিছে। ইয়াৰ উপৰিও প্ৰায় 5 শতাধিক লোকে প্লাজমা দান কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰাৰ কথা চৰকাৰী সূত্ৰই জানিবলৈ দিছে।
উল্লেখ যোগ্যযে প্লাজমা দানৰ বাবে আহ্বান জনায় স্বাস্থ্যও মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পূৰ্বতে ঘোষণা কৰিছিল যে প্লাজমা দাতা সকলক চৰকাৰী চাকৰি আৰু অন্যান্য আঁচনি অগ্ৰাধিকাৰ দিয়া হ’ব।
একে সময়তে, ৰাজ্যত কৰোনাৰ ভয়াবহ সংক্ৰমণত মুঠ ৪০২৬৯ জন লোক ক’ভিদ-১৯ ত আক্ৰান্ত হৈছে। ইয়াৰে ৩০৩৫৭ জন লোক আৰোগ্য হোৱাৰ বিপৰীতে ৯৮১১ জন লোক এতিয়াও চিকিৎসাধীন হৈ আছে।
একেদৰে দেশত মুঠ কৰোনা আক্ৰান্তৰ সংখ্যা ১৬৯৪৭০৫ আৰু মৃত্যুৰ সংখ্যা ৩৬৫৫০ হয়গৈ। ইয়াৰ ভিতৰত মহাৰাষ্ট্ৰ আৰু তামিলনাডুত সৰ্বাধিক ক্ৰমে ৪২২১১৮ জন আৰু ২৪৫৮৫৯ জন লোক ক’ভিদ-১৯ ত আক্ৰান্ত হৈছে। ইয়াৰ বিপৰীতে দেশৰ ৰাজধানি চহৰ দিল্লীত ক’ভিড সংক্ৰমণ পূৰ্বৰ তুলনাত যথেষ্ট হ্ৰাস পাই বৰ্তমান আক্ৰান্তৰ সংখ্যা হৈছেগৈ ১৩৫৫৯৮।




