ৰহস্য :অসমৰ গোশালাৰ পৰা ক’লৈ গ’ল ১০২১ টা গৰু , ম’হ?

Share This Article

গো সুৰক্ষাক লৈ সততে ৰাজনীতি কৰা বিজেপি চৰকাৰৰ আমোলত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা । ড: হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনে গো সুৰক্ষা আইন পৰ্যন্ত প্ৰণয়ন কৰিছে যদিও খোদ আইনৰ আওতাৰ পৰাই নিখোজ হৈছে সহস্ৰাধিক গৰু । দক্ষিণ শালমৰা – মানকাচাৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ তদন্তত এই চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে । গুৰুত্বপূৰ্ণ কথাটো হ’ল , মুখ্য ন্যায়িক দণ্ডাধীশৰ নিৰ্দেশত সহস্ৰাধিক গো ধন নিখোজ হোৱা ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰা হৈছে যদিও বিগত দুমাহে আটাইকেইজন অভিযুক্তই লাভ কৰি আহিছে আৰক্ষীৰ সুৰক্ষা ।দক্ষিণ শালমৰা – মানকাচাৰ জিলা হ’ল বাংলাদেশ সীমান্তৱৰ্তী এখন স্পৰ্শকাতৰ জিলা।এই জিলাৰ পৰাই নদীপথ বা স্থলপথেৰে চলি আহিছে বাংলাদেশলৈ গোধনৰ অবৈধ সৰবৰাহ।সেইবাবেই দক্ষিণ শালমৰা – মানকাচাৰ জিলাত গো ধন জব্দ হোৱাৰ ঘটনাও সৰ্বাধিক।সীমান্তত বি এছ এফে গোধন জব্দ কৰি স্থানীয় আৰক্ষীক গতাই দিয়ে।তাৰ পাছত মুখ্য ন্যায়িক দণ্ডাধীশৰ নিৰ্দেশমৰ্মে বিভিন্ন চৰকাৰী অনুজ্ঞা প্ৰাপ্ত গো শালালৈ গোধনসমূহ প্ৰেৰণ কৰা হয়।কিন্তু এনে গো শালাৰ পৰাই কম সময়ৰ ভিতৰতে সহস্ৰাধিক গোধন নিখোজ হোৱাৰ ঘটনাই সংঘটিত হৈছে।দক্ষিণ শালমৰা – মানকাচাৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ তদন্তত পোহৰলৈ অহা অনুসৰি জিলাখনৰ ৭ টা গোশালাৰ পৰা এনেদৰে অন্তৰ্ধান হৈছে গোধন । ইয়াৰে টোমনিৰ ৰাজেন চন্দ্ৰ দাসৰ ভাৰতীয় গো শালাক দিয়া হৈছিল ৩৫৯ টা গৰু আৰু ৪টা ম’হ। কিন্তু মুঠ ৩৬৩ টা গৰু আৰু ম”হৰ মাত্ৰ ১৮ টাহে তদন্তকাৰী বিষয়াই অনুসন্ধানৰ সময়ত প্ৰত্যক্ষ কৰে। একেদৰে খলিচামাৰিৰ হাফিজুৰ ৰহমানৰ ভাৰতীয় গো শালাক দিয়া হৈছিল ১৬৯ টা গৰু আৰু ২৬ টা ম’হ । কিন্তু মুঠ ১৯৫ টা গৰু আৰু ম’হে মাত্ৰ ৭২ টাহে তদন্তকাৰী বিষয়াই প্ৰত্যক্ষ কৰে । ইফালে , অজয় পালৰ ৰাষ্ট্ৰীয় গো শালাক দিয়া হৈছিল ৩২১ টা গৰু আৰু ৪৮ টা ম’হ । কিন্তু মুঠ ৩২১ টা গৰু আৰু ম’হৰ মাত্ৰ ৯০ টাহে এই গো শালাখনৰ বাকী ৰৈছেগৈ । ভুটীয়া দাংগাৰ ৰঞ্জিত কুমাৰ মোদকৰ গোশালাক দিয়া হৈছিল ১২৮ টা গৰু আৰু ২৫ টা ম’হ । গোশালাখনত ১৫৩ টা গৰু ম’হৰ মাত্ৰ ৬২ টাহে তদন্তকাৰী বিষয়াই দেখিবলৈ পায় । বৰভগীয়াৰ আব্দুৰ ৰহিম আকন্দৰ গোশালাক দিয়া হৈছিল ১০২ টা গৰু আৰু ৩৭ টা ম’হ ।মুঠ ১৩৯ টা গৰু –ম”হৰ ৫০ টাহে এতিয়া গোশালাখনত আছে ।সুখচৰৰ ফেৰাজুল এছ কেৰ গোশালাক দিয়া হৈছিল ৯৪ টা গৰু আৰু ১৯ টা ম’হ ।গোশালাখনত মুঠ ১১৩ টা গৰু ম’হ গতাই দিয়াৰ বিপৰীতে মাত্ৰ ২৪ টাহে এতিয়া বাকী আছে।চানোৱাৰ হুছেইনৰ ফুলেৰচৰৰ গোশালাক দিয়া হৈছিল মুঠ ২৪ টা গৰু ম’হ ৷ কিন্তু এতিয়া গোশালাখনত মাত্ৰ ১৯ টা গৰু – ম”হ প্ৰত্যক্ষ কৰে তদন্তকাৰী বিষয়াই।এইদৰে দক্ষিণ শালমাৰা – মানকাচাৰৰ ৭ টা গোশালাক মুঠ ১৩৫৬ টা গৰু আৰু ম’হ দিয়া হৈছিল । কিন্তু মুখ্য ন্যায়িক দণ্ডাধীশৰ নিৰ্দেশত চলা তদন্তত তদন্তকাৰী বিষয়াই এই গোশালাখনত ৩৩৫ টাহে প্ৰত্যক্ষ কৰে ।অৰ্থাৎ চৰকাৰী অনুজ্ঞাপ্ৰাপ্ত গো শালাৰ পৰা অন্তৰ্ধান হ’ল ১০২১ টা গৰু আৰু ম’হ । এই চাঞ্চল্যকৰ তথ্য পোহৰলৈ অহাৰ পাছত মুখ্য ন্যায়িক দণ্ডাধীশৰ নিৰ্দেশমৰ্মে এছ আই প্ৰহ্লাদ চন্দ্ৰ ৰয়ে সুখচৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ।

এই এজাহাৰৰ ভিত্তিতেই ৰুজু কৰা হয় ৮ টাকৈ গো শালাৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ১২০(বি) , ৪০১ আৰু ৩৭৯ ধাৰাৰ অধীনত জামিনবিহীন গোচৰ । কিন্তু ৪ মাৰ্চত গোচৰ ৰুজু হোৱাৰ পাছত আজিলৈ এই গোচৰৰ কোনো তদন্ত আগনাবাঢ়িল৷ যাৰ বাবে দক্ষিণ শালমৰা মানকাচাৰ জিলাৰ আৰক্ষীৰ ভূমিকা অধিক সন্দেহজনক হৈ পৰিছে । প্ৰশ্ন উঠিছে – গোশালাৰ পৰাই চলি আছে নেকি পশুধনৰ চোৰাং বেপাৰ ? এই কথা জানি শুনিও নিমাত হৈ ৰৈছে নেকি দক্ষিণ শালমৰা মানকাচাৰ জিলাৰ আৰক্ষী ? স্বাভাৱিকতে চৰকাৰী অনুজ্ঞাপ্ৰাপ্ত গোশালা আৰু গোধনৰ চোৰাং বেহাৰ মাজৰ সম্পৰ্ক সোমাই পৰিছে সন্দেহৰ আৱৰ্তত।আৰক্ষীৰ নিৰ্লিপ্ত ভূমিকাই এই সন্দেহ আৰু অধিক ঘণীভূত কৰি তুলিছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.