ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয়ত আৰম্ভ পূব- মণ্ডলৰ আন্তঃ বিশ্ববিদ্যালয় টেবুল টেনিছ  প্ৰতিযোগিতা

Share This Article

প্রতিবছৰৰ দৰে এইবেলিও ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয়ত  এছ’চিয়েশ্যন অৱ ইণ্ডিয়ান ইউনিভাৰ্চিটিজৰ উদ্যোগত অনুষ্ঠিত হৈছে  পূব মণ্ডলৰ আন্তঃ বিশ্ববিদ্যালয় টেবুল টেনিছ প্ৰতিযোগিতা। পূব মণ্ডলৰ প্ৰায় ৪৯ খন বিশ্ববিদ্যালয়ে অংশগ্ৰহণ কৰিছে এই প্ৰতিযোগিতাত। প্ৰতিযোগিতা( পুৰুষ) শাখাৰ খেল সমূহ অনুষ্ঠিত হ’ব  ১-৪ ডিচেম্বৰলৈ। ইফালে মহিলা শাখাৰ খেল সমূহ অহা ৭ – ১০ ডিচেম্বৰলৈ অনুষ্ঠিত হব। উদ্বোধনী অনুষ্ঠানত মূখ্য অতিথিৰূপে উপস্থিত থাকে  প্ৰশাসনিক বিষয়া তথা অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যান বিভাগৰ সচিব শ্ৰী কৌশাৰ জামিল হিলালী  আৰু বিশিষ্ট অতিথি হিছাপে উপস্থিত থাকে অসম চৰকাৰৰ নিগম বিভাগৰ সচিব শ্ৰী ঋতুৰাজ বৰা। উদ্বোধনী অনুষ্ঠানত ভাষণ আগবঢ়াই মুখ্য অতিথি কৌশাৰ জামিল হিলালীয়ে ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয়ক ক্ৰীড়াক প্ৰাধান্য দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰাৰ উপৰিও ক্ৰীড়াই কিদৰে  সৰ্বাংগীন উৎকৰ্ষ সাধন কৰে সেই সন্দৰ্ভত বিস্তৃত ব্যাখ্যা আগবঢ়ায়। তেওঁ লগতে উল্লেখ কৰে যে ক্ৰীড়াক  জীৱিকা হিছাপে গ্ৰহণ কৰাটো সম্ভৱ কিন্তু তাৰ বাবে হব লাগিব এজন দক্ষ খেলুৱৈ লগতে কৰিব লাগিব অহোপুৰুষাৰ্থ। অনুষ্ঠানত ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ডঃ এছ পি সিংয়ে  ক্ৰীড়া আৰু শিক্ষাৰ সংযোগে কিদৰে ছাত্ৰ ছাত্ৰী সকলৰ সামগ্ৰিক বিকাশত উদগনি আগবঢ়াই সেই সন্দৰ্ভত ব্যাখ্যা আগবঢ়াই। তেওঁ লগতে উল্লেখ কৰে যে ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয়ত অনুষ্ঠিত প্ৰতিযোগিতা সমূহ উন্নতমানৰ আৰু নিৰপেক্ষতা হৈছে খেলসমুহৰ মানদণ্ড।উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণকাৰী দলসমূহে প্ৰতিযোগিতা খনৰ সকলো নিয়মাৱলী পালন কৰি প্ৰতিযোগিতা খন সফল কৰি তুলিবলৈ শপত গ্ৰহণ কৰে।অনুষ্ঠানত উদ্ধোধনী ভাষণ আগবঢ়াই ছাত্ৰ কল্যান বিভাগৰ( ডিন)ডঃ বিজয় সিং মিপুন , ৰয়েল স্কুল অব পৰ্যটন আৰু হোটেল মেনেজমেন্টৰ ডিন ডঃ সৌমিত্ৰ সেনয়ে সামৰণি ভাষণ আগবঢ়াই।প্ৰথম দিনটোত  ৰাষ্ট্ৰীয় ক্ৰীড়া বিশ্ববিদ্যালয় আৰু কলিকতা বিশ্ববিদ্যালয় মাজত অনুষ্ঠিত হোৱা খেল খনত জয় লাভ কৰে কলিকতা বিশ্ববিদ্যালয়ে। আনহাতে  মণিপুৰ বিশ্ববিদ্যালয় আৰু এছ.এন.পি.ভি বিশ্ববিদ্যালয়, চত্তীশগড়ৰ মাজত অনুষ্ঠিত দ্বিতীয়খন খেলত জয় লাভ কৰে মণিপুৰ বিশ্ববিদ্যালয়য়ে।

 

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.