ৰঙেৰে ৰঙীন বিশ্বনাথ

Share This Article

বিশ্বনাথ মহাবিদ্যালয় ৫৮ সংখ্যক মহাবিদ্যালয় সপ্তাহ উপলক্ষে বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠিত হৈছে।ঐতিহ্যমণ্ডিত বিশ্বনাথ মহাবিদ্যালয় ৫৮ সংখ্যক মহাবিদ্যালয় সপ্তাহ চলি আছে ।৫ দিনীয়া কাৰ্যসূচীৰে চলি থকা মহাবিদ্যালয় সপ্তাহৰ আজি চতুৰ্থটো দিনৰ প্ৰথম কাৰ্যসূচী হিচাপে বিশ্বনাথ মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ উদ্যোগত পাঁচ দিনীয়া কাৰ্যসূচীৰে মহাবিদ্যালয় সপ্তাহ সমাৰোহৰ সৈতে সংগতি ৰাখি আজিৰ অন্যতম কাৰ্যসূচী বাৰেবৰণীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। মহাবিদ্যালয় প্ৰাংগনৰ পৰা ওলোৱা এই শোভাযাত্ৰাৰ শুভ উদ্বোধন কৰে বিশ্বনাথ আৰক্ষী জিলাৰ আৰক্ষী অধীক্ষক নবীন সিঙে ।লগতে সহযোগ কৰে বাৰে বৰণীয়া শোভাযাত্ৰাৰ বিচাৰকদ্বয় বিশিষ্ট শিল্পী অতুল দাস,সাংস্কৃতিক কৰ্মী প্ৰদীপ বৰুৱা,বিশিষ্ট কৰ্মী কুশল ডেকাই ।লগতে উপস্থিত থাকে বিশ্বনাথ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° চিন্তামণি শৰ্মা ।উত্তৰ-পূৱৰ উপৰিও ভাৰতবৰ্ষৰ প্ৰায় সকলোবোৰ কলা-সংস্কৃতি উপস্থাপনেৰে বাৰেৰহণীয়া এই সাংস্কৃতিক শোভাযাত্ৰাত মহাবিদ্যালয়খন সকলো ছাত্ৰ-ছাত্ৰীয়ে অংশ লয় ।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.