ৰং সানি চৰ খালে ভাৰতীয়ই

Share This Article

জাপানৰ পৰা অহা এজন পৰ্যটকে জ্বলাকলা খালে ভাৰতত।ফাকুৱাৰ সময়ত ভাৰতলৈ আহি ত্ৰাহিমধুসূদন দেখিলে এগৰাকী যুৱতীয়ে।জাপানৰ পৰ্যটক গৰাকী ভাৰতলৈ আহি দিল্লীৰ পাহাৰগঞ্জত আছিল।মহিলা পৰ্যটক গৰাকীক বলপূৰ্বকভাৱে ফাকুৱা সনাৰ দৃশ্য সামাজিক মাধ্যমত ভাইৰেল হৈছিল।ভিডিঅ’টোত মহিলা গৰাকীক জোৰজৱৰদস্তি ধৰি ফাকু লগোৱাৰ লগতে কণী ভাঙি সানি দিয়া দেখা গৈছিল৷মহিলাগৰাকীয়ে আনকি তেনেকৈ জোৰ কৰা এজন ব্যক্তিক চৰিওৱাৰ দৃশ্যও ভিডিঅ’টোত দেখা গৈছিল।মহিলাগৰাকীয়ে অভিযোগ দিবলৈ আৰক্ষীৰ কাষ চপা নাছিল যদিও কিন্তু ভিডিঅ’টো দেখা লোক সকলে এনেদৰে ফাকুৱা লগোৱা লোকসকলক কঠোৰ শাস্তি প্ৰদানৰ দাবী কৰিছিল।ইতিমধ্যে আৰক্ষীয়ে অভিযুক্ত কেইজনক চিনাক্ত কৰিছে আৰু ঘটনাটো সম্পৰ্কত তদন্ত আৰম্ভ কৰিছে। ইতিমধ্যে যুৱতী পৰ্যটকগৰাকী ভাৰত এৰি বাংলাদেশত উপস্থিত হৈছে।যুৱতীগৰাকীয়ে নিজৰ টুইটাৰ একাউণ্টত টুইট কৰি লিখিছে ‘ মানসিক আৰু শাৰীৰিকভাবে তেওঁ সুস্থ আৰু তেওঁ ইতিমধ্যে বাংলাদেশত আছে।’

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.