ৰংঘৰে দুৱাৰ আৰু নেমেলিব !

Share This Article

৬০০ বছৰীয়া আহোম ৰাজত্বৰ শৌৰ্য্য বীৰ্যৰ প্ৰতীক ৰংঘৰৰ ঐতিহ্যত ঘূণে ধৰিছে।ৰংঘৰত শব্দ আৰু পোহৰৰ প্ৰতিফলন ঘটাই সৃষ্টি কৰা হৈছে ধৰ্মীয় চিহ্ন আৰু ৰাজনীতিকৰ প্ৰতিচ্ছবি !এছিয়াৰ ভিতৰতে প্ৰথম পেভিলিয়ন হিচাপে খ্যাত ৰংঘৰৰ ওপৰত চলোৱা ‘অনাকাংক্ষিত হাতোঁৰাই’ পুনৰবাৰ অসমবাসীৰ সন্মানত কুঠাৰাঘাত কৰিছে।২০১৬ চনত বিজেপি চৰকাৰ অসমত শাসনলৈ অহাৰ পিছতেই আহোমৰ সম্ভ্ৰমৰ প্ৰতীক কাৰেংঘৰত হাত দিছিল এটা বিশেষ শক্তিয়ে। পতাকা লগাই নিজৰ প্ৰভুত্ব বিস্তাৰ কৰিব বিচৰা সংগঠনক অৱশ্যে কাৰেংঘৰটো পিছদিনাই গাখীৰেৰে ধুই পবিত্ৰ কৰি উচিত প্ৰত্যুত্তৰো দিয়া হৈছিল।পিছে গাখীৰেৰে ধোৱা কাৰেংঘৰ নুশুকাওঁতেই সেই সকলৰে কিছু সংখ্যকে হাত উজান দিলে চৰকাৰৰ লগত।চতুৰ ৰাজনীতিকে তেতিয়াই বুজি উঠিলে যে এই জাতিক ব্যৱহাৰ কৰাটো সহজ।তাৰেই প্ৰতিফলন ঘটিল ৰংঘৰৰ শব্দ আৰু পোহৰৰ খেলাত !আৱেগিক জাতিটোক ব্যৱহাৰ কৰিয়েই লাচিতক হিন্দু বীৰ,শংকৰদেৱক বাবা সজালে এচাম সুবিধাবাদী ৰাজনীতিকে।

এসময়ত ৰংঘৰক লৈ ড° ভূপেন হাজৰিকাই গীত গাইছিল।স্বাধীন অসমৰ সপোন দেখা এটা চামে সেই ৰংঘৰৰ বাকৰিত এটা সময়ত স্বাধীন অসমৰ সপোন দেখিছিল।অসম তথা অসমীয়াৰ জাত্যভিমান ৰক্ষাৰ প্ৰতীক আছিল এই ৰংঘৰ !কিন্তু সেই ৰংঘৰৰ ঐতিহ্যক ব্যৱহাৰ কৰি বিশেষ এটা ৰাজনৈতিক দলে নিজৰ নাম-যশ বিয়পাব বিচাৰিছে বিশ্বত !কোনেও কেতিয়াও কোনোদিনে নভবা কথা এটা ভাবি কিয় মন কী বাতৰ দৰে ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত এক অনুষ্ঠান ৰংঘৰৰ দৰে ঐতিহাসিক কীৰ্তিচিহ্নত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হ’ল ? ৰংঘৰক গেৰুৱাকৰণ কৰিব বিচৰা হৈছে নেকি ? ৰংঘৰৰ এই নতুন ৰূপৰ জৰিয়তে ৬০০ বছৰ ৰাজত্ব কৰা আহোমৰ ৭০ লাখ জনতাক শব্দ আৰু পোহৰৰ খেলৰ চলেৰে কাবু কৰাৰ কৌশল বুলি ভাবিবলৈ বাধ্য হৈছে ৰাজ্যৰ সচেতন মহল ! ৰংঘৰক লৈ চৰকাৰে কৰা এই ধৃষ্টতাক ধিক্কাৰ জনাইছে সৰ্বত্ৰে !এটাই মাথো প্ৰশ্ন সকলোৰে মুখে মুখে- আৰু কিমান সহিম আৰু কিমান দিনলৈ সহিব লাগিব ?

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.