সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

৪১৪ ৰ পৰা ৫২ -এক বিৰতিহীন ইতিহাস কংগ্ৰেছৰ

আজি দেশৰ সবাতোকৈ পুৰণি দল কংগ্ৰেছে পালন কৰিলে ইয়াৰ ১৩৮ বছৰীয়া প্ৰতিষ্ঠা দিৱস।নতুন দিল্লীৰ মুখ্য কাৰ্যালয়ত বুধবাৰে দলৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি সভাপতি মল্লিকাৰ্জ্জুন খাৰ্গেই কয় “ আজি ভাৰতে উন্নয়নৰ মুখ দেখিছে কাৰণ কংগ্ৰেছে দলিত-দৰিদ্ৰ সকলোৰে উন্নতি বিচাৰিছিল-গণতন্ত্ৰক শক্তিশালী কৰাৰ বাবে পণ্ডিত জৱাহৰলাল নেহৰুৱে ৫ গৰাকী অকংগ্ৰেছী মন্ত্ৰীক তেওঁৰ কেবিনেটত অন্তৰ্ভুক্ত কৰিছিল।”দলৰ যথেষ্ট সংখ্যক জ্যেষ্ঠ নেতাই আজি সামাজিক মাধ্যমত পুৰণি ভিডিঅ’ আৰু পুৰণি ফটো শ্বেয়াৰ কৰিছে।কংগ্ৰেছ দলৰ জন্মদাতা আছিল এলেন অক্টোভিয়ান হিউম ।১৮৮৫ চনৰ ২৮ ডিচেম্বৰত বম্বেৰ তেজপাল সংস্কৃত কলেজত মুঠ ৭২ গৰাকী সমাজ সংস্কাৰক,সাংবাদিক আৰু আইনজীৱী একত্ৰিত হৈ গঠন কৰিছিল দলটো।সেই সময়ত কিন্তু কংগ্ৰেছ দলৰ লক্ষ্য ঔপনিৱেশিক শাসনৰ পৰা মুক্ত হোৱা নাছিল।বৃটিছ চৰকাৰৰ নীতিবোৰ ভাৰতীয়ৰ পক্ষে হোৱাৰ দাবী তুলিছিল নৱগঠিত কংগ্ৰেছ দলে।দলটো গঠন হোৱাৰ কেইবছৰ মান পিছতে দলটোৱে ঔপনিৱেশিকতাবাদী শাসনৰ বিৰোধিতা কৰা আৰম্ভ কৰিলে আৰু ভাৰতীয়ৰ হাতলৈ ক্ষমতা হস্তান্তৰৰ কথা ভাবিলে।বৃটিছ সকলে হিউম আৰু তেওঁৰ দলৰ সদস্য সকলৰ এই দাবীৰ বিৰোধিতা কৰিছিল।ইয়াৰ পিছতেই হিউম বিদেশলৈ ৰাওনা হৈছিল।কংগ্ৰেছ দলটোত সেই সময়ত শিক্ষিত,উচ্চ বৰ্ণৰ লোক আছিল আৰু তেওঁলোকে বেছিভাগেই বিদেশত পঢ়িবলৈ গৈছিল।১৮৯৫ চনৰ দলটোৰ একাদশ অধিৱেশনত দলটোৰ সদস্য আগৰ তুলনাত যথেষ্ট বৃদ্ধি হৈছিল।১১৬৩ জনৰ পৰা এই সংখ্যা হ’লগৈ ১৫৮৪ জন৷ইয়াৰ পিছতেই দলটোৰ সদস্য সকলে বৃটিছৰ ঔপনিৱেশিকতাৰ শাসনৰ বহুবোৰ নীতিৰ বিৰোধিতা কৰা আৰম্ভ কৰিছিল৷কংগ্ৰেছ দলটো লাহে লাহে শক্তিশালী হৈ গৈ থাকিল।কিন্তু ১৯০৫ চনত প্ৰথমবাৰৰ বাবে চুৰাটত অনুষ্ঠিত সন্মিলনত দলটো চৰমপন্থী আৰু নৰমপন্থী হিচাপে দুটা ভাগত বিভক্ত হয়৷নৰমপন্থীক নেতৃত্ব দিছিল
গোপালকৃষ্ণ গোখলে আৰু সুৰেন্দ্ৰনাথ বেনাৰ্জীয়ে আৰু চৰমপন্থীৰ নেতৃত্ব দিছিল বাল গংগাধৰ তিলক,লালা লাজপট ৰায়ে।১৯১৫ চনত বম্বে অধিৱেশনত দলটো পুনৰ ঐক্যবদ্ধ হৈছিল৷ইয়াৰ পিছতো বিভাজন আৰু পুনৰ মিলন দুয়োটাৰ মাজেৰে চলি থাকিল দলটো৷প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ নেতৃত্বত প্ৰথমবাৰৰ বাবে ১৯৫১ চনত দলটোৱে দেশৰ সাধাৰণ নিৰ্বাচনত অৱতীৰ্ণ হৈছিল।ইয়াৰ পিছতো কেইবাবাৰো দলটো বিভাজন হৈছিল।দলটোৱে বিগত সময়চোৱাত বহুত উত্থান পতনৰ সন্মুখীন হৈছে।১৯৮৪ চনত দলটোৱে মুঠ ৪১৪ খন আসন লাভ কৰাৰ বিপৰীতে ৫২ খন আসন লাভ কৰে ২০১৯ চনত।

Leave A Reply

Your email address will not be published.