৪০ জনৰ প্ৰাণ গ’ল দুৰ্ঘটনাত

Share This Article

পাকিস্তানত সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা।কুৱেটাৰ পৰা কৰাছীলৈ ৪৮ জন যাত্ৰী কঢ়িয়াই নিয়া এখন বাছ দেওবাৰে দুৰ্ঘটনাত পতিত হোৱাৰ ফলত অতি কমেও ৪০ জন যাত্ৰীৰ মৃত্যু হৈছে।লাজবেলাৰ অতিৰিক্ত আয়ুক্ত হামজা অঞ্জুমে কয় “ অত্যধিক গতিত গৈ থকা বাছখনে এখন দলঙৰ খুঁটাত জোৰেৰে খুন্দা মৰাৰ ফলত গাড়ীখন জ্বলি যায়৷নিহত যাত্ৰী সকলক চিনাক্ত কৰিব পৰা হোৱা নাই ।চালকজন টোপনি যোৱাৰ সম্ভাৱনাও নথকা নহয়৷আমি দুৰ্ঘটনাটো সম্পৰ্কত ইতিমধ্যে তদন্ত আৰম্ভ কৰিছোঁ।”উল্লেখ্য যে পাকিস্তানত সঘনাই বাছ দুৰ্ঘটনা সংঘটিত হয়।বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিবেদন অনুসৰি ২০১৮ বৰ্ষত পাকিস্তানত প্ৰায় ২৭ হাজাৰ লোকে দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.