৩ বছৰৰ ভিতৰত সম্পূৰ্ণ হ’ব ৰাম মন্দিৰ, ৰাম জন্মভূমি ন্যাসৰ তামৰ বৰঙণি অনুদানৰ আহ্বান

Share This Article

ৰাম মন্দিৰ নিৰ্মাণৰ কাম পূৰ্ণ গতিত আৰম্ভ হৈছে। ইয়াৰ লগে লগে মন্দিৰ নিৰ্মাণ আৰু পৰিচালনাৰ দায়িত্বত থকা শ্ৰী ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ন্যাসে ৰাম ভক্তক তামৰ(copper) বৰঙণি অনুদান দিবলৈ আহ্বান জনাইছে।

ন্যাসটোৱে জনোৱা মতে অহা ৩৬ ৰ পৰা ৪০ মাহৰ ভিতৰত সম্পন্ন হ’ব ৰাম জন্মভূমি নিৰ্মাণৰ কাম। ইতিমধ্যে আই আই টি মাদ্ৰাছকে আদি কৰি বিভিন্ন প্ৰতিষ্ঠানৰ ইঞ্জিনীয়াৰে মন্দিৰ নিৰ্মাণৰ বাবে ভূমি পৰীক্ষণ আদি কাম সম্পন্ন কৰিছে।

ধুমুহা,ভূমিকম্প অথবা আন কোনো প্ৰাকৃতিক দুৰ্যোগত ক্ষতি সাধন নোহোৱাকৈ নিৰ্মাণ কৰা হ’ব ৰাম মন্দিৰ। ন্যাসটোৱে সংবাদ মাধ্যমক জানিব দিয়া অনুসৰি লোহাৰ বিপৰীতে তাম(copper) ৰ হে ব্যৱহাৰ হ’ব মন্দিৰ নিৰ্মাণত যাতে মন্দিৰটো হাজাৰ বছৰলৈ একো ধৰণৰ ক্ষতিসাধন নহয়।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.