২৫ হাজাৰ দৰমহাৰ দাবীত প্ৰতিবাদ আশাকৰ্মীৰ

Share This Article

হোজাইৰ শংকৰদেৱ নগৰত AITUC ,অসম ৰাজ্যিক আশা কৰ্মী ইউনিয়নে মঙলবাৰে উত্তাল প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।আঁচনিভুক্ত শ্ৰমিক আৰু আশাকৰ্মী সকলৰ ন্যায্য প্ৰপ্তিৰ দাবীত শংকৰদেৱ নগৰত এইদৰে প্ৰতিবাদ সাৱস্ত কৰে কৰ্মীসকলে।আশা কৰ্মীক চৰকাৰী স্বীকৃতি নিদিয়া অসম চৰকাৰ হায় হায় , আমাক মাননি নহয় ,মজুৰি দিয়ক , মাহিলি ২৫ হাজাৰ টকা মজুৰি দিয়ক , ৪৫ তম ভাৰতীয় শ্ৰম সন্মিলনৰ সিদ্ধান্ত শীঘ্ৰে ৰূপায়ণ কৰা আদি বিভিন্ন দাবীত মহকুমাধিপতিৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক প্ৰদান কৰে ।AITUC ৰ ৰাজ্যিক সাধাৰণ সম্পাদক ৰমেন দাস,চি পি আইৰ অসম ৰাজ্য পৰিষদৰ সহ সম্পাদক ৰাতুল বৰা,অসম ৰাজ্যিক আশাকৰ্মী ইউনিয়নৰ সম্পাদিকা মিনাৰা বেগম চৌধুৰী আৰু হোজাই জিলা সমিতিৰ সভানেত্ৰী জয়ন্তী চৌহান , সম্পাদিকা দীপাঞ্জলি হাজঙৰ নেতৃত্বত প্ৰায় পাঁচ শতাধিক আশা কৰ্মীয়ে শংকৰদেৱ নগৰৰ পৰিৱেশ উত্তাল কৰি তোলে ।প্ৰায় এঘন্টাজোৰা ধৰ্ণাৰ অন্তত হোজাই মহকুমাৰ মহকুমাধিপতিৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.