‘২৪ ত কি ভূমিকা হ’ব কংগ্ৰেছৰ?

Share This Article

আগন্তুক লোকসভা নিৰ্বাচনক লৈ যথেষ্ট চিন্তিত হৈছে কংগ্ৰেছ দল।কংগ্ৰেছ নেতৃত্বৰ শংকা দিনক দিনে বৃদ্ধি পাইছে !বিৰোধী দল সমূহক একত্ৰিত কৰাত সফল হ’ব নে বিগ ব্ৰাদাৰ কংগ্ৰেছ?ইফালে চলিত বৰ্ষতেই আছে মুঠ ৬ খন ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচন।অলপতে অনুষ্ঠিত ৰায়পুৰ অধিৱেশনত কংগ্ৰেছৰ শীৰ্ষ নেতৃত্ব এটা সিন্ধান্তত উপনীত হৈছে যে ‘যদি’ কৰ্ণাটক,ৰাজস্থান,মধ্য প্ৰদেশ,ছত্তীশগড় অথবা তেলেংগানাৰ আসন্ন বিধানসভা নিৰ্বাচনত ‘যদি’ নিজৰ মাজত থকা মতবিৰোধ আঁতৰাই তেন্তে এই ৫ খন ৰাজ্যৰ কৰ্ণাটক সহ অতি কমেও ৩ খনত কংগ্ৰেছ দল জয়ী হ’ব পাৰিব৷ অতি কমেও ৩ খন ৰাজ্যত কংগ্ৰেছ ক্ষমতালৈ আহিলে,লোকসভা নিৰ্বাচনৰ আগতেই সমগ্ৰ দেশৰ ছবিয়েই সলনি হৈ যাব।কিন্তু কংগ্ৰেছ নেতৃত্বৰ অধিৱেশনত স্থান লাভ কৰা এই ‘যদি’ শব্দটো আঁতৰাব পাৰিবনে কংগ্ৰেছে?প্ৰশ্ন উঠিছে বিৰোধীৰ মাজত?কংগ্ৰেছ দলৰ নেতৃত্বৰ মাজত থকা বিভেদ আঁতৰিবনে?এই সম্পৰ্কত কংগ্ৰেছ নেতা কে চি বেণুগোপালে কয় ‘ প্ৰথমে ভাৰত জোড়ো যাত্ৰা’,তাৰ পিছত দলটোৰ অধিৱেশন,এই দুয়োটা কাৰ্যসূচীৰ পিছত দলটো যথেষ্ট সজীৱ হৈছে৷কৰ্মীসকলেও যথেষ্ট উজ্জ্বীৱিত অনুভৱ কৰিছে।’ইতিমধ্যে ৰাজস্থানত অশোক গেহলট আৰু শচীন পাইলটৰ মাজত মতবিৰোধ স্পষ্ট৷মধ্য প্ৰদেশত কমল নাথক পুনৰ বাৰ মুখ্যমন্ত্ৰী পদৰ দাবীদাৰ হিচাপে ঘোষণা কৰাটোত ক্ষুব্ধ হৈছে কিছু সংখ্যক দলীয় কৰ্মী।তেলেংগানাতো আছে কংগ্ৰেছৰ নেতৃত্বৰ মাজত বিভাজন৷ছত্তীশগড়ত অৱশ্যে মুখ্যমন্ত্ৰী ভূপেশ বাঘেল এই ক্ষেত্ৰত নিষ্কণ্টক।কংগ্ৰেছৰ ৰায়পুৰ অধিৱেশনত কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে কয় ‘ এতিয়া আমি আমাৰ ব্যক্তিগত উচ্চাকাংক্ষা বাদ দিব লাগিব।মান -অভিমান নিজৰ মাজৰ পৰা আঁতৰাব লাগিব।’
ৰায়পুৰ অধিৱেশনত দলৰ কৰ্মী সকলক সম্পূৰ্ণ ঐক্যবদ্ধভাৱে,অনুশাসন মানি তথা পাৰস্পৰিক সহযোগিতাৰে কাম কৰিবলৈ আহ্বান জনাইছে দলৰ নেতৃত্বই।কিন্তু বিৰোধী ঐক্যৰ হ’ব কি?কংগ্ৰেছ সভাপতি মল্লিকাৰ্জ্জুন খাৰ্গেৰ ঘনিষ্ঠ এগৰাকী নেতাই কয় ‘ ৰায়পুৰত সিন্ধান্ত লোৱা হৈছে যে সমভাৱাপন্ন দলবোৰ ঐক্যবদ্ধ হ’ব৷আগন্তুক ৬ খন ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনী ফলাফল যদি ভাল হয় আৰু আঞ্চলিক দলসমূহে যদি কংগ্ৰেছে ১৫০ খন আসন লাভ কৰিব বুলি পতিয়ন যায়,তেন্তে বিগ ব্ৰাদাৰ হিচাপে কংগ্ৰেছক মানি লোৱাত তেওঁলোকৰ দলৰ নেতৃবৰ্গৰ আপত্তি নাথাকিব।বিৰোধীক ঐক্যবদ্ধ কৰাটো খাৰ্গেই এক বৃহৎ প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰিছে।’মুঠ কথাত ২০২৪ চনৰ লোকসভাৰ নিৰ্বাচনৰ বাবে বিৰোধীক ঐক্যবদ্ধ কৰাত কিমান সফল হ’ব কংগ্ৰেছ তাক লৈ বিৰোধী শিবিৰত চলিছে ব্যাপক জল্পনাকল্পনা।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.