Investigative reporting with dedication.

আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈৰ সাংবাদমেল। হোটেল প্ৰাগ কণ্টিনেন্টেলত সাংবাদমেল সম্বোধন লুৰিণজ্যোতি গগৈৰ। এই সাংবাদমেলতেই তেওঁ ঘোষণা কৰে যে – AJP ত যোগদান কৰিব লুৰিণজ্যোতি গগৈয়ে। অহা ১৬ আৰু ১৭ ডিচেম্বৰত অসম জাতীয় পৰিষদত যোগদান কৰিব আছুৰ প্ৰাক্তন নেতাজনে। লগতে তেওঁ কয় যে- ‘ক্ষমতাৰ বাবে মই ৰাজনীতিলৈ আহিব বিচৰা নাই। সমাজ আৰু জাতিৰ পক্ষত মই সদায় থাকিম। জাতীয় জীৱনৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে মোৰ আদৰ্শ থাকিব। জাতীয় স্বাৰ্থত কেতিয়াও আপোচ নকৰোঁ। ২০২১ত হ’ব জাতীয়তাবাদৰ চৰকাৰ।’




