২০ হাজাৰেহে পাব নিযুক্তি !

Share This Article

‘যদি সাহস আছে, ৪৪,৭০৩ গৰাকী নিযুক্তি লাভ কৰা প্ৰাৰ্থীৰ নাম ৰাজহুৱা কৰক মুখ্যমন্ত্ৰীয়ে!২৫ মে’ত নিযুক্তি পাব ২০ ৰ পৰা ২৫ হাজাৰ মানুহে !অসম আত্মনিৰ্ভৰশীল হোৱাৰ কথা আছিল ৷খাদ্য শস্য, মাছ, মুৰ্গী, গাহৰি, গাখীৰ, উদ্যান শস্যত অসমক বানমুক্ত কৰিবলৈ কোৱা হৈছিল মিছন ব্ৰহ্মপুত্ৰ প্ৰকল্পৰ কথা। খনন কৰাৰ কথা আছিল শদিয়াৰ পৰা ধুবুৰীলৈকে ব্ৰহ্মপুত্ৰ৷অৰুণোদয়ৰ টকা প্ৰদান কৰাৰ কথা আছিল ৩ হাজাৰকৈ।প্ৰতিটো নামঘৰক দিয়াৰ কথা আছিল ২ লাখ ৫০ হাজাৰকৈ টকা।শুদ্ধ NRC ৰ জৰিয়তে অসমক কৰাৰ কথা আছিল বিদেশী মুক্ত।৩১ মাৰ্চ, ২০২২ ৰ ভিতৰত দিয়াৰ কথা আছিল ১ লাখক চৰকাৰী চাকৰি।দিয়াৰ কথা আছিল ৮ লাখক জীৱিকা।নিৰ্বাচনৰ পূৰ্বে এনেকুৱা ১০ টা বৃহৎ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল বিজেপিয়ে। বৃহস্পতিবাৰে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে দুবছৰীয়া বৰ্ষপূৰ্তি উপলক্ষে প্ৰদান কৰিব ৪৪,৭০৩ গৰাকী যুৱক-যুৱতীক নিযুক্তি। কিন্তু তাৰ পূৰ্বে বিধায়ক অখিল গগৈৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান—‘যদি সাহস আছে, ৪৪,৭০৩ গৰাকী নিযুক্তি প্ৰাৰ্থীৰ নাম ৰাজহুৱা কৰক মুখ্যমন্ত্ৰীয়ে’ কিয় এই নামসমূহ ঘোষণা কৰিব নোৱাৰে তাৰো কাৰণ জনালে অখিল গগৈয়ে।ইফালে চৰকাৰ গঠন কৰিয়েই ৩১ মাৰ্চ, ২০২২ ৰ ভিতৰত দিয়াৰ কথা আছিল ১ লাখ যুৱক যুৱতীক চৰকাৰী চাকৰি। কিন্তু এই মূহুৰ্তলৈকে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে মাত্ৰ ৮৭,৭৮২ গৰাকীকহে নিযুক্তি দিবলৈ সক্ষম হব বুলি উল্লেখ কৰে অখিল গগৈয়ে।ইফালে বিজেপি চৰকাৰ ক্ষমতালৈ আহিলে আন ১০ টা বৃহৎ প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ কথা আছিল বিজেপিয়ে।খাদ্য শস্য, মাছ, মুৰ্গী, গাহৰি, গাখীৰ, উদ্যান শস্যত অসমক আত্মনিৰ্ভৰশীল, অসমক বান মুক্ত কৰিবলৈ মিছন ব্ৰহ্মপুত্ৰ প্ৰকল্প, শদিয়াৰ পৰা ধুবুৰীলৈকে ব্ৰহ্মপুত্ৰ খনন, ৩ হাজাৰকৈ অৰুণোদয়ৰ টকা প্ৰদান, প্ৰতিটো নামঘৰকে ২ লাখ ৫০ হাজাৰকৈ টকা প্ৰদান, শুদ্ধ NRC ৰ জৰিয়তে অসমক বিদেশী মুক্ত, সকলো ভূমিহীনলৈ ভূমি পট্ৰা প্ৰদানকে ধৰি কেইবাটাও প্ৰতিশ্ৰুতি পূৰণ কৰাৰ কথা আছিল বিজেপিয়ে। কিন্তু কোনো এটা প্ৰতিশ্ৰুতিতেই বিজেপিৰ ৭ বছৰীয়া চৰকাৰ সফল নোহোৱাৰ অভিযোগ বিধায়ক অখিল গগৈৰ। ৭ বছৰ পূৰ্বে বিজেপিয়ে দিয়া প্ৰতিশ্ৰতিৰ বৰ্তমান স্থিতি কি বুলিও প্ৰশ্ন উত্থাপন কৰে ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.