১২ দিনত ৫ কোটি ৫৩ লাখ টকাৰ কিতাপ বিক্ৰীৰ অভিলেখ ৰচি সফল সামৰণি অসম গ্ৰন্থমেলা 

Share This Article

সাহিত্য-সংস্কৃতিৰ বৰ্ণিল কাৰ্যসূচীৰে আয়োজন কৰা ১২ দিনীয়া অসম গ্ৰন্থমেলা, গুৱাহাটীৰ বিপুল আনন্দ আৰু জ্ঞানোৎসৱৰ সফল সামৰণি ঘটাই আজি নিজম পৰিল চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰ ৷ অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই আয়োজন কৰা এই গ্ৰন্থমেলাৰ আজি সামৰণি অনুষ্ঠানত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰে শিক্ষামন্ত্ৰী তথা অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ ডাঃ ৰণোজ পেগুৱে ৷ ভাষণ প্ৰসংগত তেওঁ কয়—“ প্ৰাইভেট পাব্লিক পাৰ্টনাৰশ্বিপ ব্যৱস্থাৰ এক উৎকৃষ্ট নিদৰ্শন হ’ল অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই সফলতাৰে আয়োজন কৰা এই অসম গ্ৰন্থমেলা ৷ হিলদল ভাঙি মানুহ আহিছে গ্ৰন্থমেলালৈ ৷ বিৰ দি বাট নোপোৱা অৱস্থাৰ সৃষ্টি হৈছে ৷ সেয়েহে আগন্তুক বৰ্ষত খানাপাৰাৰ পশুচিকিৎসা মহাবিদ্যালয় খেলপথাৰত অসম গ্ৰন্থমেলা অনুষ্ঠিত কৰিব পাৰি নেকি সেই বিষয়ে চিন্তা-চৰ্চা কৰা হৈছে ৷” তেওঁ লেখক-প্ৰকাশকসকলক গ্ৰন্থ সম্পাদনাত গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান জনাই কয়—“কেৱল কাকত -আলোচনীয়ে নহয় ; কিতাপো সম্পাদনা কৰা উচিত ৷ উন্নত দেশত পেছাদাৰী সম্পাদকে কিতাপ সম্পাদনা কৰে ৷ অসমতো এই কাম পেছাদৰীভাৱে কৰা উচিত ৷ বিশ্বৰ দৰবাৰলৈ যাব লাগিলে বিশ্বজনীন দৰ্শন অৰ্জন কৰিব লাগিব ৷ ইয়াৰ বাবে গ্ৰন্থ পঢ়াৰ প্ৰয়োজন আছে ৷ অনুবাদ গ্ৰন্থই এই বাট মুকলি কৰি দিয়ে ৷ এনে দৃষ্টিভংগীৰে অসম প্ৰকাশন পৰিষদে আগন্তুক বৰ্ষৰ পৰা অনুবাদ সাহিত্য বঁটা প্ৰবৰ্তন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷ ইয়াত প্ৰথম পুৰষ্কাৰত থাকিব ১ লাখ টকা আৰু দ্বিতীয় পুৰষ্কাৰত ৫০হাজাৰ টকা৷” মন্ত্ৰী ডাঃ পেগুৱে লগতে সৃষ্টিশীল লেখাৰ কৰ্মশালা প্ৰকাশন পৰিষদৰ পৰা অনুষ্ঠিত কৰা হ’ব বুলি উল্লেখ কৰি পুনৰ কয়—“বহু কিতাপ দুই-তিনিটা পৃষ্ঠা পঢ়াৰ পাছত আৰু আগুৱাব নোৱাৰি ৷ ইয়াৰ কাৰণ লেখকজনৰ লিখাৰ প্ৰশিক্ষণ নথকাটো ৷ সেয়েহে প্ৰকাশন পৰিষদে পেছাদাৰী আৰু সৃষ্টিশীল লেখাৰ কৰ্মশালা অনুষ্ঠিত কৰিব ৷” তেওঁ প্ৰসংক্ৰমে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ “পঢ়ে ভাৰত বঢ়ে ভাৰত” আহ্বানৰ বিষয়ে উনুকিয়াই সকলোকে কিতাপ পঢ়াৰ অভ্যাস গঢ়ি তুলিবলৈ কয় ৷ সভাত সন্মানীয় অতিথিৰ আসন শুৱনি কৰে গুৱাহাটীস্থিত বাংলাদেশ চৰকাৰৰ সহকাৰী উচ্চায়ুক্ত ৰুহুল আমিনে ৷ তেওঁ ভাষণ প্ৰসংগত কয়—“ গ্ৰন্থ মানুহৰ উত্তম বন্ধু ৷ কিতাপ পঢ়িলে মনৰ আন্ধাৰ আতৰি যায় ৷ কিতাপে এখন সুন্দৰ সমাজ গঢ়ি তুলিব পাৰে ৷ অসম গ্ৰন্থমেলায়ো সুন্দৰ সমাজ নিৰ্মাণৰ প্ৰতিশ্ৰুতি বহন কৰিছে ৷ অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই বৰ সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে ৷ গ্ৰন্থমেলাত বিভিন্ন ভাষাৰ কিতাপ পোৱা যায় ৷ এয়া বৰ ভাল লগা কথা ৷ ” আমিনে লগতে কয় যে অসমীয়া আৰু বাংলা ভাষা উভয়ে উভয়ৰ ওচৰ চপা ভাষা ৷ সেয়ে দুয়োটা ভাষাই তেওঁৰ প্ৰিয় ৷ সভাত বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰি মেঘালয়ৰ প্ৰাক্তন ৰাজ্যপাল ৰঞ্জিত শেখৰ মুছাহাৰীয়ে কয় যে অসম গ্ৰন্থমেলা অসমৰ এক পৰিচয়ত পৰিণত হৈছে ৷ অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই এই গ্ৰন্থমেলাৰ জৰিয়তে বৌদ্ধিক ক্ষেত্ৰলৈ শুভবাৰ্ত্তা কঢ়িয়াই আনিছে ৷ তেওঁ পুনৰ কয়—“মানুহৰ সুখৰ আধাৰ হৈছে জ্ঞান ৷ এই জ্ঞান পুথিৰ পৰা অৰ্জন কৰিব পাৰি ৷ কিতাপ নোহোৱা সমাজ এখন কল্পনা কৰিবও নোৱাৰি ৷ আজিকালি ডিজেটেল পুথিভঁৰাল হৈছে ৷ ইয়াতো পুথি নিৰ্বাচন কৰি পঢ়িব পাৰি ৷ এয়া ভাল কথা ৷সকলো গ্ৰন্থৰে নিজস্ব প্ৰভাৱ থাকে ৷ কিতাপৰ দ্বাৰা প্ৰভাৱাম্বিত হৈ মানুহে জ্ঞানৰ নতুন পোহৰ বিচাৰি পায় ৷ এই পোহৰত ব্যক্তি-জীৱন আৰু সমাজ-জীৱন উজলি উঠে ৷ ভাষা যিমানে শকিব পাৰি সিমানে ভাল ৷ কাৰণ তেতিয়া বিভিন্ন ভাষাৰ পুথি পঢ়ি জ্ঞান অৰ্জন কৰিব পাৰি ৷”একেদৰে বিশিষ্ট অতিথি, বিশিষ্ট বিজ্ঞানী ড° দীনেশ গোস্বামীয়ে কয় —“নতুন প্ৰজন্মক গ্ৰন্থ অধ্যয়নৰ প্ৰতি উৎসাহিত কৰিব লাগিব ৷ গ্ৰন্থমেলাই এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ৷ অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই গ্ৰন্থমেলাক আকৰ্ষণীয় ৰূপ দিছে ৷ গ্ৰন্থৰ প্ৰতি মানুহৰ আগ্ৰহ দেখি অভিভূত হৈছোঁ ৷ কিতাপৰ প্ৰকাশ বৃদ্ধি পোৱাটো আনন্দৰ বিষয় ৷ কিতাপে সদায় নতুন সপোন দেখুয়ায় ৷ এই সপোনে মানুহক আগুৱাই নিয়ে ৷” সভাত বিশিষ্ট অতিথিপৰূপে উপস্থিত থাকে অসম প্ৰকাশন পৰিষদৰ উপাধ্যক্ষ সুমন্ত চলিহা, সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ সভাপতি নগেন শৰ্মা ৷ এই অনুষ্ঠানত বাংলাদেশৰ পৰা অহা প্ৰকাশকসকলক সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷
সামৰণি সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই আৰু শলাগৰ শৰাই আগবঢ়ায় প্ৰবোধ দাসে ৷

বঁটা-বিতৰণি

শিশুৰ দিন উপলক্ষে কালি গ্ৰন্থমেলাত তিনিটা শাখাত অনুষ্ঠিত হয় চিৰঞ্জীৱ দত্ত সোঁৱৰণী চিত্ৰাংকন প্ৰতিযোগিতা ৷ একেদৰে অনুষ্ঠিত কৰা হয় আকষ্মিক বক্তৃতা, কবিতা আবৃত্তি আৰু সাধু কোৱা প্ৰতিযোগিতা ৷ সাধু কোৱা প্ৰতিযোগিতাত “ক” শাখাত অভিৰূপ আকাশ শাণ্ডিল্য , স্নেহাশ্ৰী গোস্বামীয়ে যুটীয়াভাৱে প্ৰথম, ভাস্বতী শাণ্ডিল্য , শিপা ভৰদ্বাজে যুটীয়ভাৱে দ্বিতীয়, দিশিতা ভট্টাচাৰ্যই তৃতীয় স্থান আৰু ৰাগিনী কাশ্যপ, অক্ষীকা কাশ্যপে উদগনি বঁটা লাভ কৰিছে ৷“খ” শাখাত বাব্‌লী সূত্ৰধাৰ , স্বাতী মেধিয়ে যুটীয়াভাৱে প্ৰথম, যুগান্তৰ কৈৱৰ্ত্তই দ্বিতীয়, আদ্ৰিকা বৰঠাকুৰ, জিৰাস্মৃতা নথে যুটীয়াভাৱে তৃতীয় স্থান আৰু পাল্কী বেজবৰুৱা, প্ৰশস্তি মজুমদাৰ, প্ৰিয়াস্মিতা ৰয়ে উদগনি বঁটা লাভ কৰিছে ৷ আকষ্মিক বক্তৃতা প্ৰতিযোগিতাত “ক” শাখাত হিমজ্যোতি কুমাৰে প্ৰথম, স্নেহশ্ৰী গোস্বামীয়ে দ্বিতীয়, জ্যোতিষ্মান দাসে তৃতীয় স্থান আৰু মৃগনাভ কলিতা, সৃষ্টি কলিতা, পূৱাঞ্চী দাসে উদগনি বঁটা লাভ কৰিছে ৷ “খ” শাখাত বাব্‌লী সূত্ৰধৰে প্ৰথম , জিৰাস্মৃতা নাথে দ্বিতীয়, তুষা ভট্টাচাৰ্যই তৃতীয় স্থান আৰু মনস্তুুতি বৰা, প্ৰজ্বলিতা বড়া , স্বাতী মেধিয়ে উদগনি বঁটা লাভ কৰিছে ৷ কবিতা আবৃত্তি প্ৰতিযোগিতাত “ক” শাখাত পূবাঞ্চী দাসে প্ৰথম, হিমজ্যোতি কুমাৰে দ্বিতীয়, শিপা ভৰদ্বাজে তৃতীয় আৰু দ্বিশিতা ভৰদ্বাজ, অভিনন্দা কলিতাই উদগনি বঁটা লাভ কৰিছে ৷ “খ” শখাত ৰাঘৱী দত্তই প্ৰথম , ৰিমঝিম হাজৰিকাই দ্বিতীয়, অনুশিখা ডেকাই তৃতীয় আৰু তুষা ভট্টাচাৰ্য , নাছৰিণ আহমেদ, প্ৰজ্বলিতা বড়াই উদগনি বঁটা লাভ কৰিছে ৷ চিত্ৰাংকন প্ৰতিযোগিতাৰ “ক” শাখাত তৃষা দেৱীয়ে প্ৰথম , ৰিয়াংশী বেজবৰুৱাই দ্বিতীয়, জিজ্ঞাসা গৌতমে তৃতীয় স্থান আৰু দোক্‌মোকালি গোস্বামী, তুহিন তালুকদাৰ, অভিশ্ৰুতি তালুকদাৰ, অংশুমাল দেউৰী, বিপাশা মহন্তই উদগনি বঁটা লাভ কৰিছে ৷ “খ” শাখাত দিশাংক চক্ৰৱৰ্তীয়ে প্ৰথম, বনশ্ৰী ডেকাই দ্বিতীয়, খ্যাতি কলিতাই তৃতীয় স্থান আৰু অনুৰাগ শৰ্মা, ঋতুৰাজ দেৱশৰ্মা, কৃশানুজ্যোতি কাশ্যপ, এনী কাশ্যপ, উপাসনা মহন্তই উদগনি বঁটা লাভ কৰিছে ৷ “গ” শাখাত নিশিতা বেজবৰুৱাই প্ৰথম, পাৰ্ল দত্তই দ্বিতীয়, শোভাংগী স্নেহা কাশ্যপে তৃতীয় স্থান আৰু দীপম পাটোৱাৰী, বংকিম পাঠক, লিজা ৰহমানে উদগনি বঁটা লাভ কৰিছে ৷ সাংস্কৃতিক প্ৰতিযোগিতাত মহাবিদ্যালয়-বিশ্ববিদ্যালয় শাখাত প্ৰথম স্থান লাভ কৰিছে সন্দিকৈ ছোৱালী মহাবিদ্যালয়ে , দ্বিতীয় স্থান লাভ কৰিছে কটন বিশ্ববিদ্যালয়ে , তৃতীয় স্থান লাভ কৰিছে প্ৰাগজ্যোতিষ মহাবিদ্যালয়ে , চতুৰ্থ স্থান লাভ কৰিছে বাক্‌সাৰ জালাহস্থিত ডাঃ অনন্ত একাডেমীয়ে ৷ আনহাতে বিদ্যালয় শাখাত প্ৰথম স্থান বৰ্ষাপাৰাস্থিত ছাউথ পইন্ট স্কুলে , দ্বিতীয় স্থান কাহিলীপাৰাস্থিত নৰ্থ-ইষ্ট পাব্লিক স্কুলে, তৃতীয় স্থান গীতানগৰস্থিত গুৰুকুল গ্ৰামাৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলে আৰু চতুৰ্থ স্থান যুটীয়াকৈ লাভ কৰিছে শিলপুখুৰীৰিস্থিত মহৰ্ষি বিদ্যা মন্দিৰ ,অম্বিকাগিৰীনগৰস্থিত শংকাদেৱ শিশুকুঞ্জই ৷
প্ৰতিযোগিতাৰ ফলাফল অনুসৰি আজি গ্ৰন্থমেলাৰ সামৰণি অনুষ্ঠানত বঁটা-বিতৰণী কাৰ্যসূচী ৰূপায়ণ কৰা হয়৷
আজি দ্বাদশ অৰ্থাৎ অন্তিম দিনালৈ ৫কোটি ৫৩ লাখ টকাৰ গ্ৰন্থ বিক্ৰী হোৱা বুলি জনাইছে প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই ৷ মূল মঞ্চত অনুষ্ঠিত সাংস্কৃতিক সন্ধিয়াৰ মনপৰশা কাৰ্যসূচীয়ে মুখৰিত কৰি তোলে গ্ৰন্থমেলা প্ৰাংগণ ৷ অনুষ্ঠান পৰিচালনা কৰে প্ৰবোধ দাসে ৷

 নতুন গ্ৰন্থ সম্ভাৰ# বহুল চৰ্চিত “মুখ্যমন্ত্ৰীৰ ডায়েৰী-১”

এইবেলি অসম প্ৰকাশন পৰিষদে ৩৮খন নতুন গ্ৰন্থ প্ৰকাশৰ লগতে ৫২খন আপুৰুগীয়া গ্ৰন্থ পুনৰ মুদ্ৰণ কৰিছে ৷ মুঠতে ৯০খন গুৰত্বপূৰ্ণ গ্ৰন্থ প্ৰকাশ কৰিছে পৰিষদে৷ এই ন-পুৰণি গ্ৰন্থসমূহ পঢ়ুৱৈ সমাজে আদৰি লোৱা বুলি পৰিষদৰ তৰফৰ পৰা জনাইছে ৷ ইপিনে সৰস্বতী প্ৰিন্টাৰ্ছ এণ্ড প্ৰাইভেট লিমিটেডে প্ৰকাশ কৰা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ “মুখ্যমন্ত্ৰীৰ ডায়েৰী-১” পঢ়ুৱৈৰ সমাজত সমাদৃত হৈছে ৷ জনপ্ৰিয় মুখ্যমন্ত্ৰীগৰাকীৰ গ্ৰন্থখন সকলো বয়সৰ পাঠকে বিচৰা বুলি জনাইছে সৰস্বতী প্ৰিন্টাৰ্ছে ৷গ্ৰন্থমেলাত উপলব্ধ হৈছে আন আন প্ৰকাশন গোষ্ঠীৰো নতুন নতুন গ্ৰন্থ ৷ অসম বুক হাইভে প্ৰকাশ কৰি লতা মংগেশকাৰৰ জীৱনৰ আধাৰত দেৱজিৎ ভূঞাই ৰচনা কৰা “অসমী আইলৈ প্ৰণাম” গ্ৰন্থ খনৰ দ্বিতীয় সংস্কৰণ ছপা হোৱা বুলি জনাইছে ৷ অসম পাব্‌লিচিং কোম্পানীয়ে গুলজাৰৰ স্মৃতিকথাৰ নম্ৰতা দত্তই কৰা অনুবাদ “স্মৃতিৰ মানুহবোৰ” উপলব্ধ হৈছে গ্ৰন্থমেলাত ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.