আকৌ আন্দোলন কৰিব ছাত্র সমাজে

Share This Article

10 ডিচেম্বৰ,2019।উত্তপ্ত অসম,জাগ্ৰত অসমীয়া।শদিয়াৰ পৰা ধুবুৰীলৈ জনতাৰ বিক্ষোভ। সমগ্ৰ অসমৰ ছাত্ৰ সমাজ, বুদ্ধিজীৱী সমাজ, শিল্পী সমাজ, নাগৰিক সমাজ সকলোৱে একেলগ হৈ নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰিছিল। বিপৰীতে আৰক্ষীৰ লাঠী চার্জ,কন্দুৱা গেছ,শূণ্যলৈ গুলি চালনা। শ্বহীদ হৈছিল পাঁচ জনকৈ অসমীয়া যুৱক। কিন্তু তাৰ পাছতো, ২০১৯ চনৰ ৯ ডিচেম্বৰ তাৰিখে লোকসভাত কা গৃহীত হৈছিল আৰু ১০ ডিচেম্বৰত ৰাজ্যসভাত কা উত্থাপন হৈছিল। আজি এবছৰ পাৰ হ’ল। কিন্তু এতিয়াও ছাত্র সমাজ নিজৰ মতত অটল। কোনো কাৰণতে কা’ গ্ৰহণ নকৰে ছাত্র সমাজে। সেয়েহে কাইলৈ অৰ্থাৎ ১১ ডিচেম্বৰ তাৰিখে আবেলি ৩ বজাৰ পৰা গুৱাহাটীৰ দীঘলীপুখুৰীৰ পাৰত ৰণহুংকাৰ শীৰ্ষক কাৰ্যসূচী গ্ৰহণ কৰিছে। উক্ত কাৰ্যসূচীত কা আন্দোলনৰ পাঁচ গৰাকী শ্বহীদৰ স্মৃতিত পাঁচ হাজাৰ বন্তি প্ৰজ্বলন কৰাৰ লগতে এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৰূপায়ন কৰা হ’ব বুলি জানিবলৈ দিয়ে ছাত্ৰ সমাজে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.