১১ ডিচেম্বৰত কি হ’ব?

Share This Article

অহা ১১ ডিচেম্বৰৰ দিনটোত ক’লা দিৱস উদযাপন কৰাৰ ঘোষণা উত্তৰ পূব ছাত্র সন্থাৰ। উল্লেখ্য যে, ২০১৯ চনৰ ১১ ডিচেম্বৰতেই সদনত নাগৰিকত্ব আইন গৃহীত হৈছিল। সেয়ে উত্তৰ পূব ছাত্র সন্থাই ১১ ডিচেম্বৰৰ দিনটো ক’লা দিন হিচাপে ঘোষণা কৰি প্ৰতিবছৰে এই দিৱস পালনৰ কথা ঘোষণা কৰিছে।
এই সন্দৰ্ভত নেছোৰ অধ্যক্ষ চেমুৱেল জিৰৱাই কয়, উত্তৰ-পূবৰ বলিষ্ঠ প্ৰতিবাদক আওকান কৰি কেন্দ্ৰই যোৱা বৰ্ষৰ ১১ ডিচেম্বৰত এই জাতিধ্বংসী আইনখন গৃহীত কৰিছিল। সেয়ে নেছোই ১১ ডিচেম্বৰৰ দিনটো উত্তৰ-পূবৰ বাবে ক’লা দিন বুলি ঘোষণা কৰিছিল। আৰু এই দিনটোত ছাত্র সংগঠনটোৰ সদস্য সকলে উত্তৰ পূৱৰ প্ৰতিখন ৰাজ্যৰ মুখ্য অঞ্চলসমূহত ক’লা পতাকা আৰু ক’লা বেনাৰ লৈ প্ৰতিবাদ সাব্যস্ত কৰিব।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.