হুলেৰে হুল কঢ়াৰ মন বিজেপিৰ

Share This Article

বিজেপিৰ বিৰুদ্ধে প’ষ্টাৰিঙৰ পোতক তুলিবলৈ এইবাৰ বিজেপিয়ে আৰম্ভ কৰিছে আপৰ বিৰুদ্ধে প’ষ্টাৰিং।’ মোডী হটাও,দেশ বচাও’ শ্লোগানেৰে দেশৰ ৰাজধানী চহৰ দিল্লীত প’ষ্টাৰিং হোৱাৰ বিৰুদ্ধে প্ৰায় ১৩৮ টা গোচৰ ৰুজু হৈছিল।মোডীৰ বিৰুদ্ধে প্ৰায় ২ হাজাৰ প’ষ্টাৰ লগোৱা হৈছিল ৰাজধানী মহানগৰীত৷আন প্ৰায় ২ হাজাৰ প’ষ্টাৰ কঢ়িওৱা গাড়ী এখন জব্দ কৰিছিল আৰক্ষীয়ে।ইতিমধ্যে আৰক্ষীয়ে প্ৰিণ্টিং প্ৰেছৰ স্বত্বাধিকাৰীকে ধৰি কেইবাজনকো গ্ৰেপ্তাৰ কৰিছে।’কেজৰিৱালক আঁতৰ কৰক আৰু দিল্লীক ৰক্ষা কৰক’-এইবাৰ আপৰ বিৰুদ্ধে এই শ্লোগান বিজেপিৰ।আপৰ বিৰুদ্ধে প’ষ্টাৰ লগোৱা সম্পৰ্কত কেজৰিৱালে কয় যে গণতন্ত্ৰত সকলোৰে এনেদৰে প’ষ্টাৰ লগোৱাৰ অধিকাৰ আছে।তেওঁ লগতে কয় যে তেওঁ এই প’ষ্টাৰবোৰ দেখিছে।কেজৰিৱালে কয় ‘ মোৰ এই প’ষ্টাৰবোৰৰ বাবে কোনো সমস্যাও হোৱা নাই,আপত্তিও নাই৷মই এতিয়ালৈকে বুজা নাই কিয় প্ৰিণ্টিং প্ৰেছৰ স্বত্বাধিকাৰী আৰু ৬ গৰাকী দুখীয়া লোকক কালি কেৱল প’ষ্টাৰ লগোৱাৰ বাবেই গ্ৰেপ্তাৰ কৰা হ’ল।ইয়াৰ পৰাই এটা কথা স্পষ্ট যে প্ৰধানমন্ত্ৰীয়ে ভয় খাইছে।চাৰিজন লোকে এনেদৰে প’ষ্টাৰ লগালে কিনো নহ’বলগীয়া ঘটনা হ’ব?ইমান প্ৰভাৱশালী আৰু ইমান ক্ষমতাশালী এজন ব্যক্তিয়ে এনেকুৱা কামত গুৰুত্ব দিলে ভাল নালাগে।’ইতিমধ্যে মোডীৰ বিৰুদ্ধে প’ষ্টাৰিং কৰাৰ বাবে ৰুজু হোৱা গোচৰবোৰত প’ষ্টাৰ লগাই ৰাজহুৱা সম্পত্তিৰ সৌন্দৰ্য নষ্ট কৰা আৰু প’ষ্টাৰত প্ৰেছৰ নাম উল্লেখ নকৰাৰ অভিযোগ তোলা হৈছে।এতিয়ালৈকে মোডীৰ বিৰুদ্ধে প’ষ্টাৰিঙৰ বিৰুদ্ধে ১৩৮ টা গোচৰ ৰুজু হৈছে আৰু ইয়াৰে ৩৬ টা গোচৰেই মোডী বিৰোধী প’ষ্টাৰৰ বাবে।ইতিমধ্যে প্ৰায় ২০০০ প’ষ্টাৰ আপৰ কাৰ্যালয়ত জমা দিয়া মাৰুতি ভানখন আৰক্ষীয়ে জব্দ কৰিছে।মোডীৰ বিৰোধিতাৰে যন্তৰমন্তৰত বৃহস্পতিবাৰে আপ দলে এক প্ৰতিবাদী কাৰ্যসূচীও গ্ৰহণ কৰে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.