সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

হিমালয়ৰ পৰা বাবাই কিদৰে নিয়ন্ত্ৰণ কৰিছিল শ্বেয়াৰ বজাৰ ?

হিমালয়ৰ সুৰংগত বাস কৰি থকা এজন ‘বাবা’ বা সন্যাসী ৷ যিয়ে পাৰ্থিৱ মায়া মোহ ত্যাগ কৰি সন্যাসৰ পথ লৈছে ৷ তেনে এজন বাবাই বছৰ বছৰ ধৰি নিয়ন্ত্ৰণ কৰিছিল ভাৰতৰ বজাৰ আৰু বিনিয়োগ ৷ আপুনি বিশ্বাস কৰিব পাৰেনে এনে ঘটনা ? অবিশ্বাস্য হ’লেও এয়াই সঁচা ৷ হিমালয়ত বাস কৰা এজন বাবাই ভাৰতৰ ষ্টক এক্সেঞ্জ নিয়ন্ত্ৰণ কৰি আহিছিল ৷ নেচনেল ষ্টক এক্সেঞ্জৰ প্ৰাক্তন মুৰব্বী চিত্ৰা ৰামকৃষ্ণৰ জড়িয়তে শ্বেয়াৰ বজাৰ নিজৰ হুকুমত চলাইছিল সেই ৰহস্যময় বাবাই ৷ যি তথ্য সম্প্ৰতি পোহৰলৈ আহিছে ৷বাবাৰ লগত ষ্টক এক্সেঞ্জৰ গোপন তথ্য সৰবৰাহ কৰাৰ অভিযোগত অভিযুক্ত হৈছে চিত্ৰা ৰামকৃষ্ণ ৷

হিমালয়ত বাস কৰা এজন বাবাই বছৰ বছৰ ধৰি ভাৰতৰ নেশ্যনেল ষ্টক এক্সেঞ্জ পৰিচালনা কৰি অহাৰ বিস্ফোৰক তথ্য সম্প্ৰতি পোহৰলৈ আহিছে ৷বাবাক গোপন তথ্য অৱগত কৰি আহিছিল খোদ নেশ্যনেল ষ্টক এক্সেঞ্জৰ মুৰব্বী চিত্ৰা ৰামকৃষ্ণই ৷ এই খবৰ পোহৰলৈ অহাৰ পাছত আয়কৰ বিভাগে আজি চিত্ৰা ৰামকৃষ্ণৰ বাসগৃহত তালাচী চলায় ৷ ইয়াৰ পূৰ্বে মাৰ্কেট ৰেগুলেটৰ অথর্ৰিটীয়ে চিত্ৰা ৰামকৃষ্ণক ৩ কৌটি টকাৰ জৰিমনা বিহিছিল ৷ ষ্টক এক্সেঞ্জৰ চীফ ষ্ট্ৰেটেজিষ্ট আনন্দ সুব্ৰমনিয়ামৰ নিযুক্তিত সংঘটিত অনিয়মৰ বাবে চিত্ৰা ৰামকৃষ্ণক এই জৰিমনা বিহা হৈছিল ৷ ছেবিয়ে সুব্ৰমনিয়ামৰ নিযুক্তিক লৈ চলোৱা অনুসন্ধানত পোহৰলৈ আহে যে হিমালয়ৰ সন্যাসীৰ পৰামৰ্শমতেই আনন্দ সুব্ৰমনিয়ামক নেশ্যনেল ষ্টক এক্সেঞ্জত নিযুক্তি দিয়া হৈছিল ৷ বাবাৰ পৰামৰ্শ অনুসৰিয়ে আনন্দ সুব্ৰমনিয়ামক সপ্তাহত তিনিদিনকৈ ছুটী দিয়া হৈছিল ৷ তাতোকৈ ডাঙৰ কথাটো হ’ল সুব্ৰমনিয়ামৰ দৰমহা আছিল অবিশ্বাস্য ৷ ২০১৬ চনৰ ২ ডিচেম্বৰলৈ নেশ্যনেল ষ্টক এক্সেঞ্জৰ মুৰব্বীৰ দায়িত্বত থকা চিত্ৰা ৰামকৃষ্ণৰ জড়িয়তে বাবাই কিদৰে শ্বেয়াৰ বজাৰ নিয়ন্ত্ৰণ কৰি আহিছিল , সেয়াও অনুসন্ধানত পোহৰলৈ আহিছে ৷
হিমালয়ত বাস কৰা অজ্ঞাত বাবাই ই মেইলৰ জড়িয়তে নেশ্যনেল ষ্টক এক্সেঞ্জৰ মুৰব্বী চিত্ৰা ৰামকৃষ্ণক নিৰ্দেশনা দি আহিছিল ৷ বাবাই ব্যৱহাৰ কৰা ইমেইল আইডি আছিল -rigyajursama@outlook.com৷
ছেবিৰ প্ৰশ্নৰ উত্তৰত চিত্ৰা ৰামকৃষ্ণই স্বীকাৰ কৰে যে এই ইমেইল ব্যৱহাৰ কৰে হিমালয় বাস কৰা এজন যোগী বাবাই ৷ ৰামকৃষ্ণই লগতে সদৰী কৰে যে ২০ বছৰ পূৰ্বে তেও গংগাৰ পাৰত প্ৰথমবাৰৰ বাবে বাবাক লগ পাইছিল ৷ তেতিয়াৰে পৰা বাবাই তেওক ব্যক্তিগত আৰু ব্যৱসায়িক দিশত দিক নিৰ্দেশনা দি আহিছে ৷ এইজন বাবা নেশ্যনেল ষ্টক এক্সেঞ্জৰ সঞ্চালক মণ্ডলীৰ অন্তৰ্গত নাছিল যদিও প্ৰতিটো ক্ষেত্ৰতে তেও চিত্ৰা ৰামকৃষ্ণাক নিৰ্দেশনা দি আহিছিল ৷ছেবিয়ে সদৰী কৰা অনুসৰি কেৱল ই মেইলৰ জড়িয়তেই নহয় , চিত্ৰা ৰামকৃষ্ণই বাবাক কেবাবাৰো সাক্ষাতো কৰিছিল ৷২০১৫ চনৰ ১৭ ফেব্ৰুৱাৰীত বাবালৈ প্ৰেৰণ কৰা এটা ই মেইলত চিত্ৰাই লিখিছিল যে অহা মাহত মই ছেচেলছ ভ্ৰমণৰ পৰিকল্পনা কৰিছো ৷ আপুনি আপোনাৰ বেগ ৰেডী কৰক ৷ সেইদৰে ২০১৫ চনৰ ১৮ ফেব্ৰুৱাৰীত আন এটা ইমেইলত উল্লেখ কৰিছিল যে আজি আপোনাক অত্যন্ত ধুনীয়া দেখাইছিল ৷ আপোনাৰ চুলিৰ সুকীয়া ষ্টাইলে অধিক আবেদনময় কৰি তুলিছিল ৷ আপোনাক কেৱল এটা বিনামুলীয়া পৰামৰ্শ দিব বিচাৰো ৷ মই জানো যে এই পৰামৰ্শ মানি ল’বই ৷ মাৰ্চৰ মাজভাগত ছুটীৰ বাবে কিছু সময় উলিয়াই ৰাখিব ৷ এই ৰহস্যময় বাবাৰ লগত সাগৰত স্নান কৰাৰ কথাও পাতিছিল ষ্টক এক্সেঞ্জৰ মুৰব্বী চিত্ৰা ৰামকৃষ্ণই ৷

- Donation -

ছেবিৰ অনুসন্ধান আগবঢ়াৰ লগে লগে বাবাৰ প্ৰসংগ অধিক ৰহস্যময় হৈ পৰিছে ৷ কিয়নো হিমালয়ত বাস কৰা এজন বাবাই ই- মেইলৰ জড়িয়তে ষ্টক এক্সেঞ্জ নিয়ন্ত্ৰণ কৰাৰ ঘটনা কোনো সাধাৰণ কথা নহয় ৷ তদুপৰি বাবাই চিত্ৰা ৰামকৃষ্ণক সাক্ষাতো কৰিছিল নিয়মীয়াকৈ ৷ ইয়াৰ জড়িয়তে অজ্ঞাত বাবাই ষ্টক এক্সেঞ্জৰ সকলো ভিতৰুৱা তথ্য হস্তগত কৰিছিল আৰু চিত্ৰাক সকলো দিক নিৰ্দেশনা দি আহিছিল ৷ ক’বলৈ গ’লে চিত্ৰা ৰামকৃষ্ণ আছিল পুতলা মাত্ৰ ৷ নেশ্যনেল ষ্টক এক্সেঞ্জৰ আচল গৰাকী আছিল হিমালয়ৰ বাবা ৷ বাবা আৰু শ্বেয়াৰ বজাৰৰ এই সম্পৰ্ক পোহৰলৈ অহাৰ পাছতে সকলোৰে দৃষ্টি ছেবি আৰু আয়কৰৰ অনুসন্ধানত নিবদ্ধ হৈ পৰিছে ৷

 

Leave A Reply

Your email address will not be published.