হিমালয়ৰ পৰা বাবাই কিদৰে নিয়ন্ত্ৰণ কৰিছিল শ্বেয়াৰ বজাৰ ?

Share This Article

হিমালয়ৰ সুৰংগত বাস কৰি থকা এজন ‘বাবা’ বা সন্যাসী ৷ যিয়ে পাৰ্থিৱ মায়া মোহ ত্যাগ কৰি সন্যাসৰ পথ লৈছে ৷ তেনে এজন বাবাই বছৰ বছৰ ধৰি নিয়ন্ত্ৰণ কৰিছিল ভাৰতৰ বজাৰ আৰু বিনিয়োগ ৷ আপুনি বিশ্বাস কৰিব পাৰেনে এনে ঘটনা ? অবিশ্বাস্য হ’লেও এয়াই সঁচা ৷ হিমালয়ত বাস কৰা এজন বাবাই ভাৰতৰ ষ্টক এক্সেঞ্জ নিয়ন্ত্ৰণ কৰি আহিছিল ৷ নেচনেল ষ্টক এক্সেঞ্জৰ প্ৰাক্তন মুৰব্বী চিত্ৰা ৰামকৃষ্ণৰ জড়িয়তে শ্বেয়াৰ বজাৰ নিজৰ হুকুমত চলাইছিল সেই ৰহস্যময় বাবাই ৷ যি তথ্য সম্প্ৰতি পোহৰলৈ আহিছে ৷বাবাৰ লগত ষ্টক এক্সেঞ্জৰ গোপন তথ্য সৰবৰাহ কৰাৰ অভিযোগত অভিযুক্ত হৈছে চিত্ৰা ৰামকৃষ্ণ ৷

হিমালয়ত বাস কৰা এজন বাবাই বছৰ বছৰ ধৰি ভাৰতৰ নেশ্যনেল ষ্টক এক্সেঞ্জ পৰিচালনা কৰি অহাৰ বিস্ফোৰক তথ্য সম্প্ৰতি পোহৰলৈ আহিছে ৷বাবাক গোপন তথ্য অৱগত কৰি আহিছিল খোদ নেশ্যনেল ষ্টক এক্সেঞ্জৰ মুৰব্বী চিত্ৰা ৰামকৃষ্ণই ৷ এই খবৰ পোহৰলৈ অহাৰ পাছত আয়কৰ বিভাগে আজি চিত্ৰা ৰামকৃষ্ণৰ বাসগৃহত তালাচী চলায় ৷ ইয়াৰ পূৰ্বে মাৰ্কেট ৰেগুলেটৰ অথর্ৰিটীয়ে চিত্ৰা ৰামকৃষ্ণক ৩ কৌটি টকাৰ জৰিমনা বিহিছিল ৷ ষ্টক এক্সেঞ্জৰ চীফ ষ্ট্ৰেটেজিষ্ট আনন্দ সুব্ৰমনিয়ামৰ নিযুক্তিত সংঘটিত অনিয়মৰ বাবে চিত্ৰা ৰামকৃষ্ণক এই জৰিমনা বিহা হৈছিল ৷ ছেবিয়ে সুব্ৰমনিয়ামৰ নিযুক্তিক লৈ চলোৱা অনুসন্ধানত পোহৰলৈ আহে যে হিমালয়ৰ সন্যাসীৰ পৰামৰ্শমতেই আনন্দ সুব্ৰমনিয়ামক নেশ্যনেল ষ্টক এক্সেঞ্জত নিযুক্তি দিয়া হৈছিল ৷ বাবাৰ পৰামৰ্শ অনুসৰিয়ে আনন্দ সুব্ৰমনিয়ামক সপ্তাহত তিনিদিনকৈ ছুটী দিয়া হৈছিল ৷ তাতোকৈ ডাঙৰ কথাটো হ’ল সুব্ৰমনিয়ামৰ দৰমহা আছিল অবিশ্বাস্য ৷ ২০১৬ চনৰ ২ ডিচেম্বৰলৈ নেশ্যনেল ষ্টক এক্সেঞ্জৰ মুৰব্বীৰ দায়িত্বত থকা চিত্ৰা ৰামকৃষ্ণৰ জড়িয়তে বাবাই কিদৰে শ্বেয়াৰ বজাৰ নিয়ন্ত্ৰণ কৰি আহিছিল , সেয়াও অনুসন্ধানত পোহৰলৈ আহিছে ৷
হিমালয়ত বাস কৰা অজ্ঞাত বাবাই ই মেইলৰ জড়িয়তে নেশ্যনেল ষ্টক এক্সেঞ্জৰ মুৰব্বী চিত্ৰা ৰামকৃষ্ণক নিৰ্দেশনা দি আহিছিল ৷ বাবাই ব্যৱহাৰ কৰা ইমেইল আইডি আছিল -rigyajursama@outlook.com৷
ছেবিৰ প্ৰশ্নৰ উত্তৰত চিত্ৰা ৰামকৃষ্ণই স্বীকাৰ কৰে যে এই ইমেইল ব্যৱহাৰ কৰে হিমালয় বাস কৰা এজন যোগী বাবাই ৷ ৰামকৃষ্ণই লগতে সদৰী কৰে যে ২০ বছৰ পূৰ্বে তেও গংগাৰ পাৰত প্ৰথমবাৰৰ বাবে বাবাক লগ পাইছিল ৷ তেতিয়াৰে পৰা বাবাই তেওক ব্যক্তিগত আৰু ব্যৱসায়িক দিশত দিক নিৰ্দেশনা দি আহিছে ৷ এইজন বাবা নেশ্যনেল ষ্টক এক্সেঞ্জৰ সঞ্চালক মণ্ডলীৰ অন্তৰ্গত নাছিল যদিও প্ৰতিটো ক্ষেত্ৰতে তেও চিত্ৰা ৰামকৃষ্ণাক নিৰ্দেশনা দি আহিছিল ৷ছেবিয়ে সদৰী কৰা অনুসৰি কেৱল ই মেইলৰ জড়িয়তেই নহয় , চিত্ৰা ৰামকৃষ্ণই বাবাক কেবাবাৰো সাক্ষাতো কৰিছিল ৷২০১৫ চনৰ ১৭ ফেব্ৰুৱাৰীত বাবালৈ প্ৰেৰণ কৰা এটা ই মেইলত চিত্ৰাই লিখিছিল যে অহা মাহত মই ছেচেলছ ভ্ৰমণৰ পৰিকল্পনা কৰিছো ৷ আপুনি আপোনাৰ বেগ ৰেডী কৰক ৷ সেইদৰে ২০১৫ চনৰ ১৮ ফেব্ৰুৱাৰীত আন এটা ইমেইলত উল্লেখ কৰিছিল যে আজি আপোনাক অত্যন্ত ধুনীয়া দেখাইছিল ৷ আপোনাৰ চুলিৰ সুকীয়া ষ্টাইলে অধিক আবেদনময় কৰি তুলিছিল ৷ আপোনাক কেৱল এটা বিনামুলীয়া পৰামৰ্শ দিব বিচাৰো ৷ মই জানো যে এই পৰামৰ্শ মানি ল’বই ৷ মাৰ্চৰ মাজভাগত ছুটীৰ বাবে কিছু সময় উলিয়াই ৰাখিব ৷ এই ৰহস্যময় বাবাৰ লগত সাগৰত স্নান কৰাৰ কথাও পাতিছিল ষ্টক এক্সেঞ্জৰ মুৰব্বী চিত্ৰা ৰামকৃষ্ণই ৷

ছেবিৰ অনুসন্ধান আগবঢ়াৰ লগে লগে বাবাৰ প্ৰসংগ অধিক ৰহস্যময় হৈ পৰিছে ৷ কিয়নো হিমালয়ত বাস কৰা এজন বাবাই ই- মেইলৰ জড়িয়তে ষ্টক এক্সেঞ্জ নিয়ন্ত্ৰণ কৰাৰ ঘটনা কোনো সাধাৰণ কথা নহয় ৷ তদুপৰি বাবাই চিত্ৰা ৰামকৃষ্ণক সাক্ষাতো কৰিছিল নিয়মীয়াকৈ ৷ ইয়াৰ জড়িয়তে অজ্ঞাত বাবাই ষ্টক এক্সেঞ্জৰ সকলো ভিতৰুৱা তথ্য হস্তগত কৰিছিল আৰু চিত্ৰাক সকলো দিক নিৰ্দেশনা দি আহিছিল ৷ ক’বলৈ গ’লে চিত্ৰা ৰামকৃষ্ণ আছিল পুতলা মাত্ৰ ৷ নেশ্যনেল ষ্টক এক্সেঞ্জৰ আচল গৰাকী আছিল হিমালয়ৰ বাবা ৷ বাবা আৰু শ্বেয়াৰ বজাৰৰ এই সম্পৰ্ক পোহৰলৈ অহাৰ পাছতে সকলোৰে দৃষ্টি ছেবি আৰু আয়কৰৰ অনুসন্ধানত নিবদ্ধ হৈ পৰিছে ৷

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.