হিমন্ত বিশ্ব শৰ্মাৰ ‘বসুন্ধৰা’ বনাম কে চি আৰৰ ‘ ধৰণী’

Share This Article

তেলেংগানাত ‘ধৰণী’ আঁচনি বাতিলৰ প্ৰতিশ্ৰুতি কিয় বিজেপিৰ ? ‘ধৰণী’ৰ বাবে কেনেকৈ বিপদত তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চি আৰ? দুখন আঁচনি । এখন শেহতীয়াকৈ নিৰ্বাচন অনুষ্ঠিত হোৱা তেলেংগানাৰ , আনখন অসমৰ । তেলেংগানাৰ আঁচনিখনৰ নাম ‘ধৰণী’ । অসমৰ আঁচনিখনৰ নাম ‘বসুন্ধৰা’ । দুয়োখন আঁচনিৰ উদ্দেশ্য এটাই মাটিৰ গৰাকীক ভূমিস্বত্ব প্ৰদান কৰা । কিন্তু তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চি আৰৰ এই সপোনৰ আঁচনিখনেই এতিয়া কাল হৈ পৰিছে শাসনাধিষ্ঠিত দলটোৰ বাবে । ‘ধৰণী’ ইমানেই গুৰুত্বপূৰ্ণ নিৰ্বাচনী ইছ্যুত পৰিণত হ’ল যে বিজেপিয়ে এয়া বাতিলৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে । তেলেংগানাৰ মুঠ জনসংখ্যাৰ ৬১,১২ শতাংশ লোকেই বাস কৰে গ্ৰাম্যাঞ্চলত ।  ইয়াৰে তিনি চতুৰ্থাংশ লোকৰ বাবে মাটিয়েই উপাৰ্জনৰ অন্যতম উৎস । ভূমিস্বত্ব লাভ কৰাটো কেৱল জীৱন আৰু জীৱিকাই নহয় , গৌৰৱৰো বিষয় । এই গৌৰৱ প্ৰদানৰ বাবেই তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চি আৰে আৰম্ভ কৰিছিল ‘ধৰণী’ নামৰ বিশেষ আঁচনিখন । কিন্তু সেই আঁচনিখনেই এতিয়া মুখ্যমন্ত্ৰীগৰাকীৰ বাবে বিপদৰ কাৰণ হৈ পৰিছে । ‘ধৰণী’ আঁচনি কিদৰে তেলেংগানাত বি আৰ এছৰ সাম্ভাব্য পৰাজয়ৰ কাৰণ হৈ পৰিছে , সেই সন্দৰ্ভত এক বিস্তৃত প্ৰতিবেদন প্ৰকাশ পাইছে দক্ষিণ ভাৰতৰ জনপ্ৰিয় ৱেবচাইট – চাউথ ফাৰ্ষ্টত । চাউথ ফাৰ্ষ্টত এগৰাকী কৃষকৰ উদাহৰণ দিয়া হৈছে । তেওঁৰ নাম কালৱাৰা । কোল্লাপুৰৰ বাসিন্দা ।৭৮ বছৰীয়া এই লোকজনৰ কৃষিয়েই জীৱিকা । ২০০১ চনত এই কৃষকজনে এডোখৰ মাটি কিনিছিল । তাৰ পাছত নামজাৰিৰ বাবে পঞ্জীয়কৰ কাৰ্যালয়লৈ গৈ মাটি কিনা বেচাৰ নথি পত্ৰ জমা দিছিল । মণ্ডলে ঘোচ বিচৰাৰ বাবে তেওঁ কাজগখনি জমা দি ঘৰলৈ উভতি আহে । যিহেতু চেল ডীড আৰু মাটি কিনাৰ চুক্তিপত্ৰ তেওঁৰ লগত আছিল , গতিকে কোনো বিশেষ চিন্তাও কৰা নাছিল । কিন্তু যেতিয়া ধৰণী আঁচনি আৰম্ভ হ’ল , পোৰ্টেলত কালৱাৰাৰ নাম অন্তৰ্ভুক্ত নহ’ল । ইয়াৰ বিপৰীতে যিয়ে মাটি বিক্ৰী কৰিছিল , তেওঁলোকৰ নামহে মাটিৰ গৰাকী হিচাপে উল্লেখ কৰা হ’ল । সসেই মাটিৰ গৰাকীয়েই তেলেংগানা চৰকাৰৰ জনপ্ৰিয় আঁচনি ‘ৰাইথু বন্ধু’ৰ সুবিধাও লাভ কৰিলে । কেৱল কালৱাৰাই বঞ্চিত লোকৰ একমাত্ৰ উদাহৰণ নহয় । তেলেংগানাত কমেও এক লাখ লোক তেনে ভুলৰ চিকাৰ হৈছে । মাটিৰ ভোগ দখল থকাৰ পাছতো যদি কাৰোবাৰ নাম ধৰনীত অন্তৰ্ভুক্ত নহ’ল , আন কাৰোবাৰ নাম ভুলকৈ সন্নিবিষ্ট হ’ল ।যাৰ বাবে তেওঁলোকে লেণ্ড পাছবুক পাবলৈ অনেক যুঁজ বাগৰ কৰিবলগীয়া হ’ল ।২০২০ চনত আৰম্ভ হোৱা এই আঁচনিখনে বহু লোকক ইমানেই বিক্ষুব্ধ কৰি তুলিছে যে ‘ধৰণী’ৰ ফলত ভূমিস্বত্ব হেৰুওৱা বা দুৰ্ভোগ ভুগিবলগীয়া হোৱা ১০০ লোকে খোদ মুখ্যমন্ত্ৰী কে চি আৰৰ বিৰুদ্ধে নিৰ্বাচনত মনোনয়ন । ইয়াৰ নেতৃত্ব দিছে শংকৰ হিলছ ৱেলফেয়াৰ এছোছিয়েশ্যনে । এই সংগঠনৰ সদস্য মুদ্ৰাগাল্লা নাগেশ্বৰ ৰাওৰ অভিযোগ মতে প্ৰায় ৪৯০ একৰ ভূমিত ‘ধৰণী’ পোৰ্টেল অহাৰ পাছত বেদখল আৰম্ভ হ’ল । ৩৫ বছৰ আগতে তেওঁলোকে এই মাটি অন্য কৃষকৰ কৰা ক্ৰয় কৰিছিল । কিন্তু ‘ধৰণী’ আৰম্ভ হোৱাৰ পাছত যাৰ পৰা মাটি ক্ৰয় কৰিছিল , তেওঁলোকেহে ভূমিস্বত্ব লাভ কৰিলে । ভূমিস্বত্ব লাভ কৰাৰ পাছত আন লোকক মাটি বিক্ৰী কৰি দিলে । চৰকাৰী কাৰ্যালয়ে কাৰ্যালয়ে তাতবাটি কাঢ়িও যেতিয়া শংকৰ হিলছ ৱেলফেয়াৰ এছোছিয়েশ্যনে কোনো গুৰুত্ব লাভ নকৰিলে , তেতিয়া মুখ্যমন্ত্ৰীৰ দৃষ্টি আকৰ্ষণৰ বাবে ১০০ গৰাকী সদস্যই মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে মনোনয়ন দাখিল কৰিলে । পাছত এই সমস্যা সমাধানৰ নিশ্চয়তা লাভ কৰাৰ পাছত তেওঁলোকে মনোনয়ন প্ৰত্যাহাৰ কৰে ।এইদৰেই শেহতীয়া নিৰ্বাচনত কে চি আৰৰ ‘ধৰণী’ আঁচনি হৈ পৰিল সাম্ভাব্য বিপদৰ অন্যতম কাৰণ । শাসনাধিষ্ঠিত বি আৰ এছে নিৰ্বাচনৰ সসময়তো ‘ধৰণী’ক সমৰ্থন কৰাৰ বিপৰীতে কংগ্ৰেছ আৰু বিজেপিয়ে ‘ধৰণী’ বাতিলৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে । ‘ধৰণী’ৰ সৈতে হুবহু একেই অসমৰ ‘বসুন্ধৰা’ আঁচনিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বিপদত পেলায় নে সহায় কৰে , সেয়া আন এক লক্ষ্যনীয় বিষয় হ’ব ।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.