হিন্দী নাজানিলে ভাৰতীয় নহয় নেকি?

হিন্দী ভাষা আৰু তামিলনাডুৰ মাজত অতীজৰে পৰা আছে এক অহিনুকূল সম্পৰ্ক। যেতিয়াই দেশত হিন্দী ৰাষ্ট্ৰীয় ভাষা কৰাৰ প্ৰসংগ আহে তেতিয়াই ৰাজ্যখনত আৰম্ভ হয় ব্যাপক প্ৰতিবাদ। শেহতীয়াকৈ ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ তিনি-ভাষাৰ নিয়মকো ৰাজ্যখনৰ মুখ্যমন্ত্ৰীকে আদি কৰি বহুতো ৰাজনীতিকে বিৰোধিতা কৰিছে।

ভাষাৰ ক্ষেত্ৰত আবেগিক এই ৰাজ্যখনৰে সাংসদ কানিমঝি কৰুণানিধি আজি ভাষাৰ বাবেই অপদস্ত হ’ব লগা হয় এয়াৰপৰ্টৰ সুৰক্ষাত নিযুক্ত CISF ৰ অফিচাৰ ওচৰত।

সাংসদ গৰাকীয়ে এই সন্দৰ্ভত টুইটাৰ যোগে জনোৱা মতে আজি এয়াৰপোৰ্টৰ সুৰক্ষাত নিয়োজিত CISF ৰ এগৰাকী অফিচাৰে সাংসদ গৰাকীয়ে হিন্দী নাজানে বাবে তামিল অথবা ইংৰাজীত কথা পাতিবলৈ কোৱাত সাংসদ গৰাকী ভাৰতীয় হয় নে নহয় বুলি প্ৰশ্ন কৰে।

এটা টুইট যুগে এই ঘটনাটো ৰাজহুৱা কৰি সাংসদ জনে কয়,”আজি এয়াৰপোৰ্টত এগৰাকী CISF ৰ অফিচাৰক যেতিয়া মোৰ লগত তামিল অথবা ইংৰাজীত কথা পাতিবলৈ কওঁ, যিহেতু মই হিন্দী নাজানো, তেখেতে মোক ভাৰতীয় হয় নে নহয় বুলি প্ৰশ্ন কৰে। মই জানিব বিচাৰো যে কেতিয়াৰ পৰা ভাৰতীয় হোৱা আৰু হিন্দী জনাটো সম পৰ্যায়ৰ হ’ল।”

ঘটনাটোৱে সচেতন মহলত যথেষ্ট চর্চা লাভ কৰাৰ পাছতে CISF য়ে নিজৰ অফিচিয়েল টুইটাৰ একাউণ্ট যুগে সংসদ গৰাকীক এই ঘটনাৰ বিহিত ব্যৱস্থা ল’ব বুলি আশ্বাস প্ৰদান কৰিছে।

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296