হিন্দী কোৱাৰ বাবে মৰা নাই,এয়া বিজেপিৰ সৃষ্টিহে !

শেহতীয়াকৈ তামিলনাডুত বিহাৰৰ লোকক আক্ৰমণ কৰা ঘটনাটোৰ সবিশেষ তথ্য সংগ্ৰহৰ বাবে এটা বিশেষ দল ৰাওনা হৈছে তামিলনাডুলৈ। বিহাৰৰ মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে এই সম্পৰ্কত বিজেপিৰ চাৰি জনীয়া দলৰ লগত আলোচনাও কৰিছে।বিহাৰ চৰকাৰে এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে ইতিমধ্যে চাৰি জনীয়া দল এটা তামিলনাডুলৈ পঠিওৱাৰ কথা ৰাজহুৱা কৰিছে।গ্ৰাম্য উন্নয়ন সচিব বালামুৰুগান ডি,চিআইডিৰ ইন্সপেক্টৰ জেনেৰেল পি কানান,শ্ৰম উন্নয়ন দপ্তৰৰ বিশেষ সচিব অলক কুমাৰ আৰু আন এগৰাকী বিষয়া ইতিমধ্যে শনিবাৰে তামিলনাডুলৈ ৰাওনা হৈছে।দলটোৱে বিহাৰৰ শ্ৰমিক সংস্থা আৰু চৰকাৰী বিষয়াৰ লগত এই বিষয়ে আলোচনা কৰিব।অৱশ্যে হিন্দী কোৱাৰ বাবে বিহাৰৰ যুৱকক মৰা বুলি দেখুওৱা ভিডিঅ’টো ‘ভুৱা’ বুলি উল্লেখ কৰিছে তামিলনাডুৰ চৰকাৰে।বিহাৰৰ উপ মুখ্যমন্ত্ৰী তেজস্বী যাদৱে বিধানসভাত কৈছিল যে এই ভিডিঅ’বোৰ ‘মিছা’ আৰু বিজেপি নেতাই এই ‘উৰাবাতৰি’ বিয়পাইছে।এই ভিডিঅ’বোৰ ভাইৰেল হোৱাৰ পিছত কেইবাটাও টুইটৰ জৰিয়তে তামিলনাডুৰ আৰক্ষীয়ে ‘ এয়া স্থানীয় লোকৰ মাজৰ ঘটনা আৰু বিহাৰ আৰু ঝাৰখাণ্ডৰ লোকৰ মাজৰ হতাহতি বুলি স্পষ্ট কৰে।অনুগ্ৰহ কৰি উৰা বাতৰি প্ৰচাৰ নকৰিব বুলিও আহ্বান জনাই তামিলনাডুৰ আৰক্ষীয়ে।

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296