‘হিণ্ডেনবাৰ্গ ৰিপৰ্টেই কৰিব ভাৰতত গণতন্ত্ৰ পুনৰুদ্ধাৰ’

Share This Article

উল্লেখ্য যে বৃহস্পতিবাৰে জৰ্জ চৰচ নামৰ বিলিয়নাৰ জনে কৈছিল মোডী -আদানিৰ সম্পৰ্ক হিণ্ডেনবাৰ্গ ৰিচাৰ্ছে ৰাজহুৱা কৰাৰ পিছত মোডী চৰকাৰ ‘দুৰ্বল’ হ’ব।ফলত দেশখনত ‘গণতন্ত্ৰ পুনৰুদ্ধাৰৰ দুৱাৰ মুকলি হ’ব।’৯২ বছৰীয়া বিলিয়নাৰ জনে লগতে কয় ‘মোডীয়ে এই বিষয়ত একো মন্তব্য দিয়া নাই।কিন্তু তেওঁ বিদেশী বিনিয়োগকাৰীক এই প্ৰশ্নৰ উত্তৰ দিব লাগিব।’ ইয়াৰ পিছতেই কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে কঠোৰ ভাষাৰে সমালোচনা কৰিছে জৰ্জ চৰচক৷জৰ্জ চৰচ এগৰাকী বিলিয়নাৰ বিনিয়োগকাৰী।মিউনিক ছিকিউৰিটি কনফাৰেন্স আৰম্ভ হোৱাৰ আগতে জৰ্জ চৰচে ভাৰত সম্পৰ্কত মন্তব্য দি কয় যে হিণ্ডেনবাৰ্গ ৰিচাৰ্ছৰ ৰিপৰ্টত মোডী-আদানিৰ সম্পৰ্ক প্ৰকাশ পোৱাৰ পিছত ভাৰতত এতিয়া গণতন্ত্ৰ পুনৰুদ্ধাৰ হ’ব।’প্ৰকৃততে তেওঁ নিজৰ স্বাৰ্থৰ বাবে এই মন্তব্য কৰিছে।’বিলিয়নাৰগৰাকীৰ এই মন্তব্য তীক্ষ্ণ ভাষাৰে সমালোচনা কৰি এক সংবাদমেলত ইৰাণীয়ে কয় যে বিলিয়নিয়াৰজনে নিজৰ ব্যক্তিগত লাভৰ বাবে এনে মন্তব্য ৰাখিছে।” যিসকলে চৰচৰ এই মন্তব্যক সমৰ্থন কৰিছে তেওঁলোকে জনা উচিত যে ভাৰতে কেতিয়াবাই সাম্ৰাজ্যবাদী চিন্তাধাৰাক পৰাভূত কৰিছে।এগৰাকী বিজেপিৰ কাৰ্যকৰ্তা হিচাপে মই নিৰতীয় গণতন্ত্ৰৰ স্থিতি দুৰ্বল কৰিব খোজা শক্তিক নৰেন্দ্ৰ মোডীৰ সবল নেতৃত্বই নিঃশেষ কৰিব।’

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.