হিণ্ডেনবাৰ্গৰ বিৰুদ্ধে শুনানি

Share This Article

বিশ্বৰ তৃতীয়গৰাকী ধনাঢ্য ব্যক্তি গৌতম আদানিৰ সম্পত্তিৰ পাহাৰখন মাত্ৰ ‘সৰু’ এটা ৰিপৰ্টতে তচনচ হৈ পৰিল।সেই ৰিপৰ্টটো হিণ্ডেনবাৰ্গ ৰিচাৰ্ছে প্ৰকাশ কৰিছিল বিগত ২৫ জানুৱাৰীত।লগে লগে LIC য়ে গৌতম আদানিৰ ৫টা কোম্পানীত কৰা বিনিয়োগৰ শ্বেয়াৰ হোৰাহোৰে হ্ৰাস পাইছিল।২০১৪ চনৰ পৰা গৌতম আদানিৰ উত্থান আৰম্ভ হৈছিল আৰু এই উত্থানৰ আঁৰত আছে প্ৰধানমন্ত্ৰী মোডীৰ আশীৰ্বাদ।এই অভিযোগ প্ৰতিটো বিৰোধী দলৰে।শেহতীয়াকৈ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ‘মোডী-আদানি’ৰ সম্পৰ্কক লৈ সদনত চোকা ভাষাৰে সমালোচনা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক।অৱশ্যে বিজেপি দলে এই ‘হিণ্ডেনবাৰ্গ ৰিচাৰ্ছ’ক আদানিৰ বিৰুদ্ধে ষড়যন্ত্ৰ আখ্যা দিছে।আজি এই সম্পৰ্কত দুখন জনস্বাৰ্থত আৱেদনৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে।ইয়াৰে এখন আৱেদন অধিবক্তা এম এল শৰ্মা আৰু আনখন অধিবক্তা বিশাল তিৱাৰীয়ে দাখিল কৰিছে।PIL দুখনত আদানিৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰি জনসাধাৰণক লোকচানৰ সন্মুখীন কৰোৱাৰ অভিযোগ তুলিছে অধিবক্তা দুজনে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.