হিটলাৰেও দিছিল ১৪ বছৰত নোহোৱা কাম ৪ বছৰত কৰাৰ প্ৰতিশ্ৰুতি

Share This Article

‘অচ্ছে দিন’ৰ সপোন দেখুৱাই ক্ষমতা দখল কৰাটো কোনো নতুন ৰাজনৈতিক কৌশল নহয় ।  বিশ্ব ইতিহাসৰ কুখ্যাত শাসক হিটলাৰেও দিছিল ‘অচ্ছে দিন’ৰ শ্ল’গান । অৰ্থাৎ ভাল দিনৰ সপোন দেখুৱাই শাসনলৈ আহিছিল এডল্ফ হিটলাৰ । আজিৰ কোনো কোনো নেতাই যিদৰে ৬০ বছৰৰ বিপৰীতে কাম কৰিবলৈ ৬০ মাহ বিচাৰিছিল , তেনেকৈয়ে হিটলাৰেও ১৪ বছৰৰ বিপৰীতে ৪ বছৰত জাৰ্মানীৰ দুখ দুৰ্দশা আঁতৰোৱাৰ প্ৰতিশ্ৰুতি দিছিল ।১৯৩৩ চনৰ ৩০ জানুৱাৰী ৷ সেই দিনটোতেই জাৰ্মানীৰ চেঞ্চেলৰ পদত অধিষ্ঠিত হৈছিল এডল্ফ হিটলাৰ । হিটলাৰৰ ক্ষমতাত আৰোহণক লৈ উল্লাসৰ শেষ নাছিল নাজী বাহিনীৰ সদস্যসকলৰ মাজত । হিটলাৰ চেঞ্চেলৰ হোৱাৰ দিনাই বাৰ্লিনৰ ৰাজপথত ওলাইছিল হিটলাৰৰ সমৰ্থকসকলৰ বিশাল সমদল । হাতে হাতে জোৰ লৈ উলিওৱা এই সমদলত যোগ দিছিল খোদ জাৰ্মান প্ৰেছিডেণ্ট পল ভন হিণ্ডেনবাৰ্গে । এই সমদল উলিওৱা পথৰ কাষতে আছিল ফ্ৰান্স এম্বেছীৰ কাৰ্যালয় । হিটলাৰক লৈ এই উৎসাহ দেখি ফ্ৰান্স এম্বেছেদৰে লিখিছিল এইদৰে –‘’…চহৰৰ হৃদপিণ্ডৰ মাজেৰে ওলোৱা সেই সমদল জুইৰ এখন নদীৰ দৰে দেখা গৈছিল । খাকী পোছাক আৰু জোতা পিন্ধা লোকসকলে সম্পূৰ্ণ অনুশাসন মানি সমদল আগবঢ়াই নিছিল । তেওঁলোকে উচ্চস্বৰত গাইছিল যুদ্ধৰ দৰে সংগীত । সেই উৎসাহ আছিল অসাধাৰণ …’’ জাৰ্মান ৰেডিওত প্ৰচাৰ হৈছিল সেই সমদলৰ খবৰ ।নাজী সমৰ্থকেই নহয় , জাৰ্মানবাসীয়ে বহু দশকলৈ মনত ৰাখিছিল হিটলাৰৰ ক্ষমতাত আৰোহণৰ দিনৰ সেই উৎসাহ আৰু আনন্দক । চেঞ্চেলৰ পদত অধিষ্ঠিত হোৱাৰ পাছদিনা অৰ্থাৎ ১ ফেব্ৰুৱাৰীৰ দিনা হিটলাৰে ৰেডিওৰ জড়িয়তে জাৰ্মানবাসীক সম্বোধন কৰিছিল । আমাৰ দেশত যিদৰে মাত্ৰ ৬০ মাহৰ সময় বিচৰা হৈছিল , তেনেকৈয়ে হিটলাৰে বিচাৰিছিল মাত্ৰ ৪ বছৰ । ১৪ বছৰত নোহোৱা কাম চাৰি বছৰত কৰি দেখুওৱাৰ প্ৰতিশ্ৰুতি দি হিটলাৰে ক’লে এইদৰে – ‘’নাজী চৰকাৰে কাম কৰিব বিচাৰে আৰু কাম কৰি দেখুৱাব । নাজী চৰকাৰে জাৰ্মানীক শিখৰলৈ লৈ যাব বিচাৰে । বিগত ১৪ বছৰত হোৱা জাৰ্মানীৰ ক্ষয় ক্ষতিৰ মোকাবিলা চাৰি বছৰত কৰিবলৈ নাজী চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ । মাৰ্ক্সবাদী , সমাজবাদী আৰু তেওঁলোকৰ সহযোগীসকলক আপোনালোকে ১৪ বছৰ সুযোগ দিলে । তাৰ পৰিণতিত জাৰ্মানী ধ্বংস হৈ গ’ল ৷ জাৰ্মানবাসীয়ে এতিয়া আমাক মাত্ৰ চাৰি বছৰ সময় দিয়ক আৰু তাৰ পাছত আমাৰ মূল্যায়ন কৰক । আমি নিজৰ বাবে নহয় , আমি কাম কৰিম কেৱল জাৰ্মানীৰ বাবে ।‘’দেশবাসীক কৰা সম্বোধনত হিটলাৰে অতীতৰ দিনবোৰক বেয়া বুলি অভিহিত কৰিছিল আৰু জাৰ্মানীৰ বাবে ভাল দিন লৈ অহাৰ প্ৰতিশ্ৰুতি দিছিল । হিটলাৰে নিজৰ ভাষণত জাৰ্মানবাসীক ভাল দিনৰ সপোন দেখুৱালৈ ধৰিলে । হিটলাৰে কৈ গ’ল – ‘’জাৰ্মান নাগৰিকক মনৰ পৰা আৰু তেওঁলোকৰ ইচ্ছাৰ দিশৰ পৰা ঐক্যবদ্ধ কৰাটো হ’ব এই চৰকাৰৰ প্ৰথম আৰু সৰ্ব্বোচ্চ কাম । আমাৰ জাতিটোৰ শক্তি যিবোৰ ভেটিৰ ওপৰত প্ৰতিষ্ঠিত , তাক সংৰক্ষণ আৰু ৰক্ষা কৰিব । খ্ৰীষ্টান ধৰ্ম হ’ব নৈতিকতাৰ ভিত্তি আৰু পৰিয়ালবোৰ হ’ব ৰাষ্ট্ৰৰ কেন্দ্ৰবিন্দু । জাৰ্মান যুৱক যুৱতীসকলৰ শিক্ষা হ’ব আমাৰ পুৰণি পৰম্পৰা আৰু গৰ্বৰ ওপৰত প্ৰতিষ্ঠিত ।..’’আমাৰ দেশত যেনেকৈ ২ কৌটি নিবনুৱাক সংস্থাপন দিয়াৰ কথা কোৱা হৈছিল , ঠিক তেনেদৰেই হিটলাৰেও চাৰি বছৰত জাৰ্মানীৰ পৰা নিবনুৱা সমস্যা দূৰ কৰাৰ কথা ঘোষণা কৰিলে । তেওঁ নিজৰ ভাষণত ক’লে – ‘’ৰাষ্ট্ৰীয় চৰকাৰে দুটা বৃহৎ চাৰিবছৰীয়া যোজনাৰ অধীনত দেশৰ অৰ্থব্যৱস্থাক পুনৰ গঠন কৰিব ৷ সেই দুখন আঁচনি হ’ল –খেতিয়ক সকলক ৰক্ষা কৰা , যিয়ে দেশৰ খাদ্যৰ অভাৱ দূৰ কৰিব আৰু জীৱন সুৰক্ষিত কৰিব । দ্বিতীয়তে নিবনুৱা সমস্যা নোহোৱা কৰি জাৰ্মান শ্ৰমিকসকলক ৰক্ষা কৰা ।বিগত ১৪ বছৰত ৰাজনৈতিক দলবোৰে জাৰ্মান শ্ৰমিকৰ জীৱন ধ্বংস কৰি পেলাইছে । চৈধ্য বছৰত লাখ লাখ নিবনুৱাৰ সৃষ্টি কৰিছে । নতুন চৰকাৰে সেই দুৰ্দিন আঁতৰাবলৈ এই দুই সংকল্পক দৃঢ়তাৰে ৰূপায়ন কৰিব ৷ চাৰি বছৰৰ ভিতৰত জাৰ্মান কৃষকক দৰিদ্ৰতাৰ পৰা মুক্ত কৰিব লাগিব ।চাৰি বছৰৰ ভিতৰত নিবনুৱা সমস্যা সম্পূৰ্ণৰূপে দূৰ কৰিব লাগিব । ‘’যিদৰে আমাৰ দেশত পদে পদে ঐতিহ্যৰ পুনৰ মন্থন কৰা হয় , ঐতিহ্যক লৈ গৰ্ব কৰিবলৈ কোৱা হয় , এক দেশ – এক পৰিচয়ৰ কথা কোৱা হয় , ঠিক সেইদৰে হিটলাৰেও ক্ষমতাত আৰোহন কৰিয়েই তেনে কেতবোৰ কথাই কৈছিল । তেওঁ কৈছিল – ‘’আমাৰ চৰকাৰ জাৰ্মানীৰ ঐতিহ্যৰ প্ৰতি শ্ৰদ্ধাশীল এখন প্ৰকৃত ৰাষ্ট্ৰ গঢ়ি তুলিবলৈ দায়বদ্ধ ৷ যাতে আমি সামাজিক শ্ৰেণীসমূহৰ মাজত থকা সংঘাত পাহৰি যাব পাৰো । আমি কোনো সামাজিক শ্ৰেণীক স্বীকৃতি নিদিও , আমি স্বীকৃতি দিম কেৱল জাৰ্মান নাগৰিকক , ইয়াৰ লাখ লাখ কৃষক আৰু শ্ৰমিকক । যিয়ে ঐক্যবদ্ধ হৈ এই দুখৰ সময় পাৰ কৰিব । ‘’এনেকৈয়ে ক্ষমতালৈ আহিয়েই জাৰ্মানবাসীক হিটলাৰে দেখুৱাইছিল অচ্ছে দিনৰ মধুৰ সপোন ৷জাৰ্মানবাসীৰ পৰা বিচাৰিছিল মাত্ৰ ৪ বাছৰ সময় । কিন্তু তাৰ পাছত জাৰ্মানবাসীৰ দুখৰ দিন আঁতৰিলনে ? তৃতীয় খণ্ডত উল্লেখ কৰিব হিটলাৰ জাৰ্মানীৰ চেঞ্চেলৰ হোৱাৰ পাছত কি কি হ’বলৈ ধৰিলে জাৰ্মানীত ।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.