হাৰ মানিলে বিজেপিৰ চাণক্যই

Share This Article

গৃহমন্ত্ৰী অমিত শ্বাহ ৩দিনীয়া কাৰ্যসূচীৰে মধ্য প্ৰদেশত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈছিল । সকলোৱে ভাবিছিল যে মধ্য প্ৰদেশত বিজেপি দলত দেখা দিয়া বিসম্বাদৰ অন্ত পৰিব । কিন্তু মধ্য প্ৰদেশৰ যবলপুৰত অলপতে নিজৰ সমৰ্থিত প্ৰাৰ্থীয়ে প্ৰাৰ্থিত্ব লাভ নকৰাৰ বাবে বিজেপিৰ কাৰ্যালয় লণ্ডভণ্ড কৰা কৰা লোকসকলৰ লগত বৈঠকত মিলিত হৈছিল গৃহমন্ত্ৰী অমিত শ্বাহ । গৃহমন্ত্ৰী অমিত শ্বাহৰ এই ভূমিকাত অতিশয় ক্ষুণ্ণ হৈছিল একাংশ বিজেপি কৰ্মী । সেয়ে গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিতেই বিজেপি ত্যাগ কৰে যবলপুৰ বিজেপিৰ অধ্যক্ষ প্ৰভাত চাহুৱে ।উল্লেখ্য যে কেন্দ্ৰীয় মন্ত্ৰী ভূপেন্দ্ৰ যাদবৰ উপস্থিতিত যবলপুৰৰ বিজেপি কাৰ্যালয়ত চৰম অনুশাসনহীন পৰিস্থিতিৰ সৃষ্টি কৰে বিজেপিৰ একাংশ কৰ্মীয়ে । এই কৰ্মীসকলৰ এই আচৰণৰ তীব্ৰ প্ৰতিবাদ কৰিছিল বিজেপিৰ অধ্যক্ষ প্ৰভাত চাহুৱে ।কিন্তু দলীয় শৃংখলা ভংগ কৰা এই লোকসকলক লৈ সেই একেটা বিজেপি কাৰ্যালয়ত বৈঠকত বহাটোৱে চৰম অস্বস্তিত পেলাইছে দলটোৰ নিষ্ঠাবান কৰ্মীক । সেয়ে প্ৰভাত চাহুকে ধৰি শতাধিক কৰ্মীয়ে দল ত্যাগ কৰিছিল । মধ্য প্ৰদেশৰ বিজেপি কৰ্মীৰ এনে স্থিতিত একপ্ৰকাৰ কিংকৰ্তব্যবিমূঢ় হৈ গৃহমন্ত্ৰী অমিত শ্বাহে দিল্লীলৈ উভতি যায় । আৰু দিল্লীৰ পৰাই গৃহমন্ত্ৰী গৰাকীয়ে বিসম্বাদ নিয়ন্ত্ৰণ কৰিব বিচাৰিছে । সেয়ে সকলো ক্ষোভিত বিজেপি কৰ্মীক দিল্লীলৈ আলোচনাৰ বাবে মাতি পঠিয়াইছে গৃহমন্ত্ৰী গৰাকীয়ে । ভোটাৰ ৰাইজৰ ক্ষোভত বিব্ৰত মধ্য প্ৰদেশত একেলেথাৰিয়ে দীৰ্ঘ কালৰ বাবে শাসনত থকা বিজেপি দলৰ নেতৃত্ব । ২০০৩ চনৰ পৰা শাসনত থকা বিজেপি দলটো মাজত মাত্ৰ ১৫ মাহৰ বাবে শাসনত নাছিল । দীৰ্ঘ সময় শাসনত থাকিও জনতাৰ আশা আকাংক্ষা পূৰণ কৰিব নোৱাৰি ভয়ংকৰভাৱে হতাশগ্ৰস্ততাত ভুগিছে বিজেপি । প্ৰথম অৱস্থাত প্ৰধানমন্ত্ৰী মোডীকে ধৰি কেন্দ্ৰীয় নেতৃত্বই মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানক নিৰ্বাচনী প্ৰচাৰৰ পৰা আঁতৰাই ৰাখি মধ্য প্ৰদেশ জয়ৰ ক্ৰেডিট নিজেই ল’ব বিচাৰিছিল যদিও শেহতীয়াকৈ প্ৰধানমন্ত্ৰী মোডীয়ে মাত্ৰ কেইখনমান সীমিত সংখ্যক ৰেলীতহে অংশ লোৱাটো নিশ্চিত হৈছে । ঘাইকৈ প্ৰতিষ্ঠানবিৰোধী ঢৌ,বৰ্তমানৰ বিধায়কসকলৰ প্ৰতি আস্থাহীনতা আদিয়ে বিজেপিৰ প্ৰতি মানুহৰ মাজত এক বিশ্বাসহীনতাৰ ভাৱৰ সৃষ্টি কৰিছে । তদুপৰি প্ৰাৰ্থিত্ব লাভ নকৰা বহুবোৰ বিজেপি কৰ্মীয়ে বহুজন সমাজবাদী পাৰ্টি ,আম আদমী পাৰ্টী আৰু নিৰ্দলীয় প্ৰাৰ্থী ৰূপে এইবাৰ প্ৰাৰ্থিত্ব আগবঢ়োৱাটো নিশ্চিত কৰিছে । ফলত বিজেপিৰ প্ৰাৰ্থীৰ ভোট ভঙাাটো নিশ্চিত হৈ পৰিছে । তদুপৰি বিভিন্ন সমীক্ষাই বিজেপিৰ ফালে যে বতাহ বোৱা নাই সেইটো নিশ্চিত কৰিছে ।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.