হাতৰ কুঠাৰ ভৰিত মাৰি সংকটত অসম বিজেপি !

Share This Article

অসম বিজেপি বৰ্তমান আৰু disciplined party হৈ থকা নাই।অসম বিজেপিত এতিয়া পুৰণি বিজেপিৰ গুৰুত্ব নাই।পুৰণা বিজেপিয়ে প্ৰতিদিনেই ক্ষোভ উজাৰি আহিছে নতুন বিজেপিৰ বিৰুদ্ধে।এইবাৰ কিন্তু ক্ষোভ উজৰা জন আন কোনো নহয়।বিজেপিৰ প্ৰাক্তন সাংসদ তথা অসম বিজেপিৰ প্ৰাক্তন সাংসদ ৰমেন ডেকা !অৱশ্যে নবিজেপিৰ বিৰুদ্ধে পুৰণি কৰ্মীৰ ক্ষোভ এই বাৰেই প্ৰথম নহয়।ইয়াৰ আগতেও নগাঁৱৰ প্ৰাক্তন সাংসদ ৰাজেন গোঁহাইকে ধৰি সৌ সিদিনা নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মায়ো বৰ্তমানৰ চৰকাৰৰ কাম কাজক লৈ ক্ষোভিত হৈ ৰাজহুৱাকৈয়ে সমালোচনা কৰিছিল বৰ্তমানৰ চৰকাৰখনক।আশ্চৰ্যজনকভাৱে ৰমেন ডেকাই সামাজিক মাধ্যমত দিয়া প’ষ্টটোত যথেষ্ট সংখ্যক পুৰণি বিজেপি কৰ্মীয়ে বৰ্তমান চৰকাৰৰ কামকাজত তেওঁলোক যে হতাশ হৈ পৰিছে আৰু অত্যন্ত অসন্তুষ্ট সেয়া মতামত আকাৰে প্ৰকাশ কৰিছে।

২০২১ বৰ্ষৰ নবেম্বৰত বশিষ্ঠত দলৰ কাৰ্যালয় মুকলি অনুষ্ঠানত প্ৰতিগৰাকী পুৰণি বিজেপি কৰ্মীক ভৰি ধুৱাই সন্মান যাচিছিল স্বয়ং মুখ্যমন্ত্ৰীয়ে।পুৰণি নেতা-কৰ্মীক সন্তুষ্ট কৰাৰ বাবে এই পদক্ষেপ লৈছিল নেকি মুখ্যমন্ত্ৰীয়ে?এয়া আছিল নেকি পুৰণি কৰ্মীৰ ক্ষোভ প্ৰশমনৰ চেষ্টা !প্ৰাক্তন সাংসদ গৰাকীৰ শেহতীয়া ফে’চবুক আপডেটে সেই সন্দেহেই প্ৰকট কৰি তুলিছে।প্ৰকৃতাৰ্থত দলৰ জ্যেষ্ঠ নেতাৰ প্ৰতি সন্মান দেখুওৱা হ’লে ৫০ বছৰ বিজেপি দলৰ প্ৰতি সেৱা আগবঢ়োৱা এগৰাকী প্ৰাক্তন সাংসদে এনে মন্তব্য ৰাজহুৱাকৈ সামাজিক মাধ্যমত কৰাৰ প্ৰয়োজনীয়তা থাকিলহেঁতেন জানো ?এই ক্ষোভ নিশ্চয় তেওঁ বিৰোধী দলৰ সমৰ্থক বা আন অৰাজনৈতিক ব্যক্তিৰ বাবে দিয়া নাই।প্ৰাক্তন সাংসদ গৰাকীৰ এই ক্ষোভ সামাজিক মাধ্যমত প্ৰকাশ পোৱাটোৱে এই ক্ষোভ,হতাশাবোৰ কিমান দ’লৈকে শিপাইছে সেইটো স্পষ্ট হৈছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.