হাতীয়ে ঘটালে অঘটন

Share This Article

গুৱাহাটীৰ নাৰেংগীৰ সেনা শিবিৰত সংঘটিত এই ভয়ংকৰ ঘটনা ।শনিবাৰে নিশাৰ ভাগত হাতীয়ে আক্ৰমণ কৰে সেনা জোৱানজনক।আহত সেনা জনক আৰ্মি হস্পিতাললৈ নিয়া হৈছিল যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।মৃত জোৱান খামলিয়াং খাপৰ ঘৰ নাগালেণ্ডৰ ডিমাপুৰত।আমচাং অভয়াৰণ্যৰ হাতীয়ে প্ৰায়ে উপদ্ৰৱ চলাই নাৰেংগী-চন্দ্ৰপুৰ অঞ্চলত।চলিত মাহৰ প্ৰথম ভাগতে চন্দ্ৰপুৰ অঞ্চলত এগৰাকী অধিবক্তাক গচকি হত্যা কৰিছিল হাতীয়ে।নাৰেংগীৰ সেনা ছাউনী এসময়ত হস্তীৰ কৰিডৰ আছিল।২০১৯ চনৰ নবেম্বৰ মাহত এটা বনৰীয়া হাতীয়ে সেনা ছাউনীৰ কেণ্টিনত প্ৰৱেশ কৰি কেণ্টিনৰ যথেষ্ট ক্ষতিসাধন কৰিছিল।বিগত বৰ্ষৰ অক্টোবৰ মাহত এটা বনৰীয়া হাতীয়ে সেনা ছাউনীৰ খেলপথাৰত খেলাধূলা কৰাৰ দৃশ্যও ভাইৰেল হৈছিল।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.