হাকোটা লগায়েই চলি আছিল বিজেপিৰ কাৰ্যালয় !

Share This Article

যি সময়ত সাধাৰণ জনতাৰ ওপৰত বিদ্যুৎ বিভাগে মাধমাৰ সোধাই আহিছে তেনে সময়ত চুৰি বিদ্যুতেৰে চলিছে এখন জিলা BJP কাৰ্যালয় ! মাজুলীত আছে জিলা BJP ৰ আটক ধুনীয়া কাৰ্যালয়। নিৰ্মাণৰ আজি দুবছৰ হ’বৰ হল আজিও কাৰ্যালয়ত নালাগিল বিদ্যুৎ বিভাগৰ মিটাৰ।বিদ্যুতৰ বিল পৰিশোধ নকৰাকৈ কাৰ্যালয়টো চলি আছে আজি বছৰ বছৰ ধৰি।বিনা বিদ্যুৎ বিলে সু বিশাল অট্টালিকাত AC লগাই বিদ্যুতৰ বিল পৰিশোধ নকৰাকৈ কেনেকৈ চলি আছে বিজেপিৰ কাৰ্যালয়?যি সময়ত BJP মন্ত্ৰী বিধায়ক অধ্যক্ষই সাধাৰণ জনতাৰ প্ৰতি তুলুঙা মন্তব্য আগবঢ়াই আহিছে তেনে সময়ত খোদ দলীয় এটি জিলা কাৰ্যালয় বিদ্যুৎ বিল পৰিশোধ নকৰাকৈ চুৰি বিদুতেৰে চলি আছে সেয়া এতিয়া ডাঙৰ প্ৰশ্ন।আনহাতে,মাজুলী বিজেপি কাৰ্যালয়ত বিদ্যুৎ চুৰি ঘটনাক লৈ মাজুলী বিদ্যুৎ উপ সংমণ্ডলত কংগ্ৰেছ আৰু আপে মঙলবাৰে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰিছে।বৈধ সংযোগ নথকা বিজেপি কাৰ্যালয়ত বাতৰি প্ৰচাৰৰ পাছতে লাগিল মিটাৰ।কংগ্ৰেছৰ আৰু আপৰ দাবীৰ পিছত জিলা প্ৰশাসনে ইয়াৰ এক তদন্ত কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। লগতে বিদ্যুৎ মাচুল হ্ৰাস কৰা, বিদ্যুৎ নিয়মীয়া কৈ প্ৰদান কৰাৰো দাবী জনায় দুয়োটা দলে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.