Investigative reporting with dedication.

বঙাইগাঁও জিলাৰ যোগীঘোপাত তাৰিনী দাসৰ হত্যাকাৰী কৃষ্ণ শীলৰ কঠোৰ শাস্তিৰ দাবীত ৰাইজে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।যোগীঘোপাৰ পালপাৰাস্থিত দৌলগোবিন্দ মন্দিৰৰ সন্মুখত শতাধিক ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে শুকুৰবাৰে।বঙাইগাঁও জিলাৰ যোগীঘোপাৰ পাল্লীৰ তল পালপাৰাত দৌল গোবিন্দ মন্দিৰ পূজাস্থলীত ৯ মাৰ্চত সংঘটিত হৈছিল লোমহৰ্ষক হত্যাকাণ্ড।কৃষ্ণ শীল নামৰ উদণ্ড যুৱকৰ ছুৰীকাঘাটত নিহত হয় তাৰিনী দাস আৰু আহত হৈছিল ২ জন।হত্যাকাণ্ড সংঘটিত কৰিয়েই কৃষ্ণ শীল নামৰ যুৱকজনে ঘটনাস্থলীৰ পৰা পলায়ন কৰিছিল।পৰবৰ্তী সময়ত হত্যাকাৰী কৃষ্ণ শীলক যোগীঘোপা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।




