হজ কৰিবলৈ যোৱা প্ৰতিজন লোকেই হিন্দু !

Share This Article

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে বিগত বুধবাৰে এক ৰাষ্ট্ৰীয় চেনেলত দিয়া সাক্ষাৎকাৰত ভাৰতক এখন হিন্দু ৰাষ্ট্ৰ বুলি দাবী কৰে।আদিত্যনাথৰ মতে হিন্দু পৰিচয়ৰ জৰিয়তে কোনো বিশেষ জাতি,বৰ্ণ বা ধৰ্মক বুজাব বিচৰা হোৱা নাই।তেওঁৰ মতে ভাৰতত জন্ম গ্ৰহণ কৰা প্ৰতিগৰাকী লোকেই হিন্দু৷যদি কোনোবাই ইয়াতকৈ পৃথক কিবা পৰিচয় দি ভাল পায়,তাত ক’বলগীয়া বা বেয়া পাবলগীয়াও নাই।যোগী আদিত্যনাথে কয় ‘ যেতিয়া ভাৰতৰ পৰা কোনোবা হজলৈ যায়,তেওঁক তাত হিন্দু বুলিয়েই গণ্য কৰা হয়৷কোনেও তেওঁক হজী হিচাপে গ্ৰহণ নকৰে৷কোনেও তেওঁক ইছলাম বুলি গ্ৰহণ নকৰে৷তেওঁক হিন্দু বুলিয়েই গ্ৰহণ কৰা হয়৷সেয়ে ভাৰত এখন হিন্দু ৰাষ্ট্ৰ৷ভাৰতৰ প্ৰতিগৰাকী লোকেই হিন্দু।’উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে সেই একেটা সাক্ষাৎকাৰতে ‘অখণ্ড ভাৰত’ সম্পৰ্কতো মন্তব্য কৰে।তেওঁ কয় ‘ অখণ্ড ভাৰতৰ ধাৰণাটো হিন্দু ৰাষ্ট্ৰীয়তাবাদী সকলৰ ধাৰণা।তেওঁলোকে প্ৰতিৱেশী আফগানিস্থান,বাংলাদেশ,ভূটান,ভাৰত,ম্যানমাৰ,নেপাল,পাকিস্তান,শ্ৰীলংকাক ভাৰতৰ অংগ হোৱাটো বিচাৰে।পাকিস্তান আচলতে আধ্যাত্মিক জগতখনৰ বাবে বাস্তৱ অৰ্থাৎ প্ৰকৃত ৰাষ্ট্ৰ নহয়।দেশখন ইমান দিনে তিস্তি থকাতোৱেই ইয়াৰ বাবে সৌভাগ্য৷পৃথিৱীত যদি এনেধৰণৰ দেশ থাকে ই আচলতে বিশ্বৰ বাবেই বোজা হৈ পৰে৷তেওঁলোকে সেয়ে নিজৰ স্বাৰ্থ সুৰক্ষিত ৰখাৰ স্বাৰ্থত ভাৰতৰ লগত তাৎক্ষণিকভাৱে চামিল হোবা উচিত।’

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.