সুশান্ত সিঙ ৰাজপুতৰ মৃত্যুৰ তদন্তৰ আওঁতাত বিজেপিকো আনিবলৈ আহ্বান কংগ্ৰেছৰ, পিছে কি এই বিজেপি সম্পৰ্ক?

Share This Article

সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ তদন্ত বৰ্তমান CBI ৰ হাতত। যিমানে দিন বাগৰিছে জনপ্ৰিয় অভিনেতা জনৰ মৃত্যুক কেন্দ্ৰ কৰি আৰম্ভ হৈছে ৰাজনীতিৰ বোকা ছটিওয়া খেল।

এইবাৰ সুশান্ত সিঙৰ মৃত্যুৰ তদন্তৰ আওঁতালৈ বিজেপিকো আনিবলৈ আহ্বান মহাৰাষ্ট্ৰ কংগ্ৰেছৰ।

পিছে কি জনপ্ৰিয় অভিনেতা জনৰ মৃত্যুৰ লগত কি সম্পৰ্ক বিজেপিৰ?

মহাৰাষ্ট্ৰ কংগ্ৰেছে অভিযোগ উত্থাপন কৰিছে যে সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ তদন্তত CBI য়ে ড্ৰাগছ সংক্ৰান্তীয় এটা দিশত বলিউডৰ প্ৰযোজক সন্দ্বীপ সিঙক সোধাপোছা কৰিছিল। আৰু এই সন্দ্বীপ সিঙেই প্ৰযোজনা কৰিছিল নৰেন্দ্ৰ মোডীৰ বায়’পিক ‘ PM Narendra Modi’ নামৰ চিনেমা খনৰ।

ইয়াৰ পিছতে মহাৰাষ্ট্ৰ কংগ্ৰেছৰ মুখপাত্ৰ শচীন সৱন্ত টুইটাৰ যোগে CBI ক সুশান্ত সিঙ ৰাজপুতৰ মৃত্যুৰ তদন্তত ‘বিজেপি angle’ ৰ তদন্ত কৰিবলৈ আহ্বান জনায়।

অৱশ্যে মহাৰাষ্ট্ৰ বিজেপি নেতা কেশৱ উপাধ্যায়ে এই অভিযোগ খণ্ডন কৰি কয় যে বাল থাকৰেৰ বোৱাৰীয়েক স্মিতা থাকৰেই ২০১৫ সমৰ এটা বাতৰি অনুসৰি এই সন্দ্বীপ সিঙৰ লগত মিলি শিৱ সেনাৰ ছুপ্ৰীম’ জনৰ এখন বায়’পিক বনোৱাৰ পৰিকল্পনা কৰিছিল।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.