সুশান্ত মুৰ্দাবাদ ধ্বনিয়ে কঁপালে থাওৰা

Share This Article

সুশান্ত বৰগোঁহাই মুৰ্দাবাদ ধ্বনিৰে উত্তাল ডিমৌ টাউন উচ্চ মাধ্যমিক বিদ্যালয়।বিদ্যালয় একত্ৰীকৰণ মানি নলয় ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় দল-সংগঠনে !শিৱসাগৰ জিলাৰ ডিমৌ টাউন উচ্চ মাধ্যমিক বিদ্যালয় বন্ধ কৰি তাৰ ঠাইত আদৰ্শ বিদ্যালয় সংগঠন,অসম নামৰ সংগঠনটোৱে ইংৰাজী মাধ্যমৰ চিবিএছই বিদ্যালয় প্ৰতিষ্ঠা কৰিব খোজা কাৰ্যৰ বিৰুদ্ধে আজি ছাত্ৰ-ছাত্ৰী আৰু দল-সংগঠনে বিদ্যালয় চৌহদৰ বাহিৰত অৱস্থান ধৰ্মঘট কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।সুশান্ত বৰগোঁহাই মুৰ্দাবাদ , সুশান্ত বৰগোঁহাই হায় হায় আদি একাধিক ধ্বনিৰে উত্তাল পৰিস্থিতিৰ সৃষ্টি কৰে।উল্লেখ্য যে উত্থাপিত অভিযোগ অনুসৰি থাওৰা সমষ্টিৰ বিধায়ক সুশান্ত বৰগোঁহাইৰ পৃষ্ঠপোষকাতাত ইংৰাজী মাধ্যমৰ বিদ্যালয় খোলাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছে।ইফালে শিক্ষা বিভাগে ততাতৈয়াকৈ ডিমৌ টাউন উচ্চ মাধ্যমিক বিদ্যালয়ক ডিমৌ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ লগত একত্ৰীকৰণৰ নিদেৰ্শ দিয়ে।আনহাতে বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিয়ে বিদ্যালয় বন্ধ কৰিব খোজা ষড়যন্ত্ৰৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত এক গোচৰ তৰিছিল।২ জুনত শুনানিৰ দিন ঠিক কৰাৰ লগতে সুন্দৰভাৱে চলি থকা বিদ্যালয়খন বন্ধ কৰি কিয় ইংৰাজী মাধ্যমৰ বিদ্যালয় প্ৰতিষ্ঠা কৰিব লাগে তাৰ কাৰণ দৰ্শাবলৈ নিৰ্দেশ দিয়ে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.