সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

সুনন্দা পুষ্কৰৰ মৃত্যুৰ গোচৰত শশী থাৰুৰ দোষমুক্ত

সুনন্দা পুষ্কৰৰ মৃত্যুৰ গোচৰত কংগ্ৰেছ সাংসদ শশী থাৰুৰক দোষমুক্ত ঘোষণা কৰিছে আদালতে ৷ দিল্লীৰ এখন বিশেষ আদালতে বুধবাৰে শশী থাৰুৰক দোষমুক্ত ঘোষণা কৰি গোচৰটো খাৰিজ কৰি দিয়ে ৷
২০১৪ চনত দিল্লীৰ এখন হোটেলত সুনন্দা পুষ্কৰৰ মৃতদেহ উদ্ধাৰ হৈছিল ৷
এই ঘটনা সংক্ৰান্তত শশী থাৰুৰৰ ওপৰত মানসিক নিৰ্যাতন চলোৱা আৰু আত্মহত্যাৰ বাবে উচটোৱাৰ অভিযোগ উত্থাপণ হৈছিল ৷
বুধবাৰে দোষমুক্ত হোৱাৰ পাছত কংগ্ৰেছ সাংসদ গৰাকীয়ে কয় যে ৭ বছৰৰ যন্ত্ৰণাৰ পৰা তেও মুক্ত হ’ল ৷

Leave A Reply

Your email address will not be published.