Investigative reporting with dedication.

বিতৰ্কিত টেলিভিছন চেনেল সুদৰ্শন নিউজে প্ৰশাসনিক সেৱাত মুছলমান সম্প্ৰদায়ৰ লোক নিৰ্বাচন কৰাক লৈ প্ৰশ্ন উত্থাপন কৰি এক কাৰ্যক্ৰম প্ৰচাৰ কৰাৰ কথা ঘোষণা কৰাৰ পিছতে আজি দিল্লী ন্যায়ালয়ৰ এক শুনানিত উক্ত কাৰ্যক্ৰম স্থগিত কৰাৰ নিৰ্দেশ দিয়ে।
The Quint নামৰ নিউজ পৰ্টেলত প্ৰকাশ পোৱা এক বাতৰি অনুসৰি উক্ত কাৰ্যক্ৰম আজি নিশা ৮ বজাত প্ৰচাৰ হোৱাৰ পূৰ্বেই ন্যায়ালয়ে স্থগিতাদেশৰ নিৰ্দেশ দিয়ে। উচ্চ ন্যায়ালয়ৰ এই ৰায় জামিয়া মিলিয়া বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলৰ এক আবেদনৰ ভিত্তিত দিয়া হয় বুলি বাতৰিটোত প্ৰকাশ পাইছে।
অহা ৭ ছেপ্টেম্বৰত এই বিষয়ত পুনৰ শুনানি হ’ব বুলি ন্যায়ালয়ে জাননী প্ৰেৰণ কৰিছে।
উল্লেখযোগ্য যে চেনেলটোৱে দাবী কৰিছিল যে UPSC জেহাদ শীৰ্ষক প্ৰচাৰ হ’ব লগীয়া সেই কাৰ্য্যক্ৰমত কাৰ্যপালিকাৰ সৰ্বোচ্চ পদত থকা মুছলমান অনুপ্ৰৱেশকাৰীৰ তথ্য পোহৰলৈ অনা হ’ব।উক্ত কাৰ্যক্ৰমৰ প্ৰম ছ’চিয়েল মিডিয়াত প্ৰচাৰ হোৱাৰ পাছতে IPS ASSOCIATION কে আদি কৰি বহুতো লোকে সুদর্শন টিভিক সমালোচনা কৰিছিল।
Photo courtesy: The Quint




