সাহিত্য সভাৰ শোভাযাত্ৰাত জিলিকিল লোককৃষ্টি

আজি অসম সাহিত্য সভাৰ নাৰায়ণপুৰ অধিৱেশনৰ শুকুৰবাৰে চতুৰ্থদিন।নাৰায়নপুৰৰ বৰখামটি পথাৰৰ মণিকাঞ্চন ক্ষেত্ৰত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ পূৰ্ণাঙ্গ নাৰায়ণপুৰ অধিৱেশনৰ আজি চতুৰ্থ দিনা এক বৰ্ণাঢ্য সাংস্কৃতিক শোভযাত্ৰা বাহিৰ কৰা হয় । মাধৱদেৱ বিশ্ববিদ্যালয়ৰ সমীপৰ পৰা ময়ুৰ পংখী ৰথেৰে বাহিৰ কৰা এই শোভাযাত্ৰাত অসমৰ জন জীৱনৰ বিভিন্ন কলা সংস্কৃতি প্ৰদৰ্শন কৰাৰ লগতে গায়ন বায়ন, দিহা নাম, কুৰুক্ষেত্ৰ মহাৰণৰ বিভিন্ন দৃশ্য, শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস লীলাৰ বিভিন্ন দৃশ্য, মহাবীৰ লাচিত বৰফুকনৰ নৰিয়া দেহাৰ নৌকা যাত্ৰা আদি প্ৰদৰ্শন কৰে। বিশিষ্ট অভিনেত্ৰী মৃদুলা বৰুৱাই উদ্বোধন কৰা শোভাযাত্ৰাত উপস্থিত থাকে অসম সাহিত্য সভাৰ নৱ নিৰ্বাচিত সভাপতি সূৰ্য হাজৰিকা।

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296