সলনি হ’ল ৰাহুল গান্ধী !

Share This Article

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে সলনি কৰিলে নিজৰ ৰূপ।বিগত ১৭০ দিন ধৰি দাড়ি নকটাকৈ আছিল ৰাহুল গান্ধী।
শেহতীয়াকৈ তেওঁ ট্ৰীম কৰিলে দাড়ি।কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ এক অনুষ্ঠানত অংশগ্ৰহণৰ বাবে আমন্ত্ৰিত হৈছে ৰাহুল গান্ধী। ভাৰত জোড়ো যাত্ৰা আৰম্ভ হোৱাৰ দিনাৰ পৰাই দাড়ি চুলি নকটাকৈ আছিল ৰাহুল গান্ধী।বিগত ৭ ছেপ্তেম্বৰৰ পৰা আৰম্ভ হৈছিল এই ভাৰত জোড়ো যাত্ৰা।এই যাত্ৰা অন্ত পৰিল বিগত ৩০ জানুৱাৰীত।ৰাহুল গান্ধীয়ে কেমব্ৰিজ বিশ্ববিদ্যালয়ত ‘লাৰ্ণিং টু লিষ্টেন টুৱেণ্টি ফাৰ্ষ্ট চেঞ্চুৰী’ শীৰ্ষক এক বিষয়ৰ ওপৰত বক্তৃতা দিব।সেই বক্তৃতাৰ সময়ত ‘ভাৰত জোড়ো যাত্ৰা’,দুটা ভিন্ন আদৰ্শৰ ওপৰত বক্তৃতা দিব ৰাহুল গান্ধীয়ে। ৱেআনন্দৰ সাংসদ গৰাকী ইংলেণ্ডলৈ গৈছে আৰু ৫ মাৰ্চত তাত থকা ভাৰতীয় সকলক সাক্ষাৎ কৰিব।লণ্ডনত ভাৰতীয় অভাৰচীজ কংগ্ৰেছৰ সদস্যসকলৰ লগত বৈঠকত বহিব ৰাহুল গান্ধী।তদুপৰি ৰাহুল গান্ধীয়ে কেইবাটাও ব্যৱসায়িক গোষ্ঠীৰ সদস্যৰ লগত আলোচনাত বহিব।ভাৰত জোড়ো যাত্ৰাৰ সময়ত ৰাহুল গান্ধীৰ দাড়িক লৈ সৰৱ হৈ পৰিছিল বিৰোধী।অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো ৰাহুল গান্ধীৰ সলনি হোৱা চেহেৰাক লৈ সমালোচনা কৰিছিল নেতাগৰাকীক৷ছাদ্দাম হুছেইনৰ দৰে সাইলাখ একে দেখা বুলি সমালোচনা কৰিছিল ৰাহুল গান্ধীক৷আনকি ড° হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্যৰ পিছত কংগ্ৰেছ দলে মুখ্যমন্ত্ৰী গৰাকীক উভতি ধৰি কৈছিল যে আপোনালোকৰ প্ৰধানমন্ত্ৰীয়ে দাড়ি ৰাখোতে আমিতো তেওঁক সমালোচনা কৰা নাই।ৰাহুল গান্ধীয়ে শেহতীয়াকৈ ৰায়পুৰত অনুষ্ঠিত কংগ্ৰেছৰ মহাধিৱেশনত ভাৰত জোড়ো যাত্ৰাই তেওঁৰ অহংকাৰ ভাব আঁতৰোৱা বুলি নিজেই উল্লেখ কৰিছিল।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.