সমুখত বিহাৰ নিৰ্বাচন: PM CARES ৰ ধনেৰে বিহাৰত নিৰ্মান হ’ব ৫০০ বিচনা যুক্ত দুখনকৈ হস্পিতাল

Share This Article

CAG অথবা RTI ৰ পৰিসৰৰ পৰা দূৰত ৰখা PM CARES ৰ ধনেৰে এইবাৰ নিৰ্মান হ’ব বিহাৰত ৫০০ বিছনা যুক্ত হস্পিতাল। প্ৰধানমন্ত্ৰী অফিচৰ (PMO) ৰ পৰা হোৱা এই ঘোষণা অনুসৰী বিহাৰৰ পাটনা আৰু মুজ্জাফৰনগৰ ত PM CARES ৰ ধনেৰে ৫০০ বিচনা যুক্ত দুখন কৈ হস্পিতাল নিৰ্মান হ’ব।

জানিব পৰা মতে প্ৰধানমন্ত্ৰী কাৰ্য্যালয়ে এই হস্পিতাল দুখনে বিহাৰৰ সাম্প্ৰতিক কৰোনা ভাইৰাছৰ চিকিৎসা সেৱাৰ আৰু উন্নত কৰাত সহায় কৰিব বুলি মত পোষণ কৰিছে।ইতিমধ্যে বিহাৰত কৰোনা ভাইৰছৰ ফলত বিহাৰত ৬০০ ৰো অধিক লোকৰ মৃত্যু হোৱাৰ লগতে প্ৰায় ১.২ লাখ লোক আক্ৰান্ত হৈছে।

যি সময়ত সমগ্ৰ ভাৰত বৰ্ষই কৰোনা মহামাৰীৰ সতে যুঁজি আছে PM CARES ৰ ধনৰ ক্ষেত্ৰত বিহাৰে অগ্ৰাধিকাৰ পোৱাক লৈ সচেতন মহলত প্ৰতিক্ৰিয়াও সৃষ্টি হৈছে। উল্লেখজিগ্য যে বিহাৰ বিধান সভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। তেনে সময়ত PM CARES ৰ ধনৰ জৰিয়তে দুখন কৈ ৫০০ বিছনাযুক্ত হস্পিতাল বনোৱা কাৰ্যই ৰাজনৈতিক মহলত PM CARES ক লৈ পূৰ্বৰে পৰা থকা সন্দেহৰ বীজ অধিক বেছি ঘনীভূত হে কৰি তুলিছে।

ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী কাৰ্য্যালয়ে PM CARES ৰ ধনৰ হিচাপ দিয়াৰ ক্ষেত্ৰত RTI ৰ আবেদন নাকচ কৰাৰ উপৰিও ন্যায়ালয়ে PM CARES ৰ ধন এন দি আৰ এফ লৈ ট্ৰেন্সফাৰ হ’ব নোৱাৰিব বুলিও শুনানি দিছিল। ইয়াৰ উপৰিয়ো PM CARES পুঁজিৰ হিচাপ কৰাৰ অনুমতি CAG ক নিদিয়া কাৰ্যই যোৱা কিছুদিন ধৰি ৰাজনৈতিক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ লগতে নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে দূৰ্নীতিৰ অভিযোগো উত্থাপন হৈছিল।

featured photo courtesy: Indian express

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.