সময় বালিত খোজ থৈ নাট সামৰিলে ‘খোজ’ৰ পৰিচালকে

Share This Article

বিশিষ্ট চিত্ৰশিল্পী তথা ছবি পৰিচালক পুলক গগৈৰ দেহাৱসান৷ আজি পুৱা ৮.৩০ বজাত শেষ নিশ্বাস ত্যাগ কৰে পুলক গগৈয়ে ৷বিগত কিছুদিন ধৰি অসুস্থ হৈ আছিল চিত্ৰশিল্পীগৰাকী ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৪ বছৰ৷ ১৯৩৮ চনত যোৰহাটত জন্মগ্ৰহণ কৰিছিল পুলক গগৈয়ে৷চলচ্চিত্ৰ নিৰ্মাতা হিচাপেও যথেষ্ট সফল আছিল পুলক গগৈ৷ কেইবাখনো জনপ্ৰিয় ছবি নিৰ্মাণ কৰিছিল পুলক গগৈয়ে ৷ খোজ, শ্ৰীমতী মহিমাময়ী, ৰে’লৰ আলিৰ দুবৰি বন, মমতাজ, সাদৰী, সেন্দূৰ, পত্নী, মৰম নদীৰ গাভৰু ঘাট আদিৰ দৰে জনপ্ৰিয় ছবি পৰিচালনা কৰিছিল পুলক গগৈয়ে৷এগৰাকী কাৰ্টুনিষ্ট হিচাপেও যথেষ্ট সফল আছিল প্ৰয়াত পুলক গগৈ ৷তেওঁৰ দ্বাৰা অংকিত ছবি দেশ -বিদেশত প্ৰদৰ্শিত হৈছিল৷দেশী-বিদেশী চিত্ৰপ্ৰেমীয়ে ক্ৰয় কৰিছিল প্ৰয়াত গগৈয়ে অংকন কৰা ছবি সমূহ৷ প্ৰয়াত শিল্পী গৰাকীৰ মৃত্যুত গভীৰ সমবেদনা জ্ঞাপন কৰিছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে৷ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মায়ো প্ৰয়াত শিল্পীগৰাকীৰ মৃত্যুত গভীৰ শোক ব্যক্ত কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জনাইছে৷শিল্পীগৰাকীৰ অন্তেষ্টিক্ৰিয়া আজি ৰাজ্যিক মৰ্যাদাৰে নৱগ্ৰহ শ্মশানত সম্পন্ন কৰা হ’ব৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.