Investigative reporting with dedication.
সত্ৰাধিকাৰৰ বিৰুদ্ধে মূৰ্দাবাদ ধ্বনি

মৃতকৰ চোতালত সত্ৰাধিকাৰৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ মাজুলীত।দক্ষিণপাট আশ্ৰমী সত্ৰৰ সত্ৰীয়া জনাৰ্দ্দন দেৱ গোস্বামী মূৰ্দাবাদ ধ্বনিৰে মৃতকৰ চোতালত সাব্যস্ত কৰে প্ৰতিবাদ।মাজুলী দক্ষিণপাট আশ্ৰমী সত্ৰৰ সত্ৰীয়া জনাৰ্দ্দন দেৱ গোস্বামীৰ সত্ৰত থকা ১৪ বছৰীয়া বিকাশ চেত্ৰী নামৰ এটি কিশোৰ বুধবাৰে সত্ৰত পকী এখন দেৱাল ভাগি কৰুণ মৃত্যু হয়। তাৰ পিছতো পৰিয়ালটিৰ কাষত এই মূহুৰ্ত লৈকে উপস্থিত নহল সত্ৰীয়া জনাৰ্দ্দন গোস্বামীকে ধৰি কোনো ব্যক্তি।ইফালে সত্ৰ খনত বিভিন্ন ঘৰুৱা কামত কণ কণ শিশু সকলক বিভিন্ন ধৰণৰ কামত নিয়োজিত কৰা অভিযোগ উত্থাপিত হৈছে সত্ৰ খনৰ বিৰুদ্ধে।এই বিষয় সম্পৰ্কত জাঙুৰ খাই উঠিছে গোৰ্খা লোক সকল। আৰু আজি ফুলনি কিশোৰ বিকাশ চেত্ৰী বাস গৃহত ৰাইজে সাব্যস্ত কৰে প্ৰতিবাদ। জনাৰ্দ্দন দেৱ গোস্বামীৰ বিৰুদ্ধে ৰাইজে প্ৰতিবাদ কৰে মৃতকৰ চোতালত। ইফালে সত্ৰীয়া জনাৰ্দ্দন গোস্বামী বিৰুদ্ধে এজাহাৰ দাখিল কৰা ব্যবস্থা কৰে গোৰ্খা ছাত্ৰ সন্থাৰ লগতে ৰাইজে।





