শৰ্মিষ্ঠা প্ৰীতমে খোজ কাঢ়িব বিচাৰে

Share This Article

অসমৰ যুৱ প্ৰজন্মৰ এগৰাকী প্ৰতিভাশালী লেখিকা শৰ্মিষ্ঠা প্ৰীতম ৷ দীৰ্ঘদিন ধৰি SMA নামৰ এটা জটিল ৰোগত আক্ৰান্ত ৷ হুইল ছেয়াৰত বন্দী জীৱন ৷ কেৱল শৰ্মিষ্ঠাই নহয় , এই ৰোগত আক্ৰান্ত প্ৰতিগৰাকী লোকেই এনে এক দুৰ্ভাগ্যৰ জীৱন কটাবলগীয়া হয় ৷ কাৰণ , এই ৰোগৰ কোনো দৰৱ নাই , চিকিৎসা নাই ৷ কিন্তু শেহতীয়াকৈ উদ্ভাৱন হোৱা SMA ৰোগৰ এটা দৰৱ ভাৰততো উপলব্ধ হৈছে ৷ কিন্তু এই দৰৱবিধ ইমানেই ব্যয়বহুল যে সাধাৰণ ৰোগীয়ে তাক ক্ৰয় কৰাটো অসম্ভৱ ৷ এনে এক আশাৰ অথচ অসহায় মুহূৰ্তত মুনীন বৰকটকী বঁটা প্ৰাপক লেখিকা শৰ্মিষ্ঠা প্ৰীতমে মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মালৈ এক কাতৰ অনুৰোধ জনাইছে ৷ ফেচবুক যোগে তেও এইদৰে লিখিছে –
‘আমাৰ ৰাজ্যৰ সন্মানীয় মুখ্য মন্ত্ৰী মহোদয়, আন্তৰিক শ্ৰদ্ধা গ্ৰহণ কৰিব৷ অসমৰ জনগণৰ সেৱাত উৎসৰ্গিত আপোনাৰ অদম্য কৰ্মোদ্যম¸ আৰু বিচক্ষণতাৰ দৃষ্টান্তবোৰেই আমাক সাহস যোগাইছে এটি বিশেষ বিষয় সম্পৰ্কে আপোনাক অৱগত কৰিবলৈ৷ মই আপোনাৰ ৰাজ্যখনৰে সাহিত্য-ক্ষেত্ৰৰ এগৰাকী বিনম্ৰ কৰ্মী৷ যোৱা ত্ৰিছ বছৰ ধৰি মোৰ দেহত ‘Spinal Muscular Atrophy’, চমুকৈ SMA নামৰ এটা জটিল ব্যাধিৰ আধিপত্য সহন কৰি এটা অৱৰুদ্ধ আৰু বিপদ-সংকুল জীৱন কটাই আহিছোঁ৷ এতিয়া এই জটিল ৰোগৰ ঔষধ “Risdiplam” আমাৰ দেশত উপলব্ধ যদিও ই অতি ব্যয়বহুল। গতিকে আপোনাৰ কৃপাদৃষ্টিয়েহে এতিয়া এই জীৱনক ‘SMA’-ৰ যন্ত্ৰণাদায়ক যুঁজখনৰপৰা উদ্ধাৰ কৰিব পাৰিব৷ আশা কৰোঁ, আপোনাৰ বিস্তৃত মনৰ চেতনাত এই বিষয়টো বিবেচিত হ’ব আৰু যিমান পাৰে সোনকালে এই বহুমূলীয়া ঔষধবিধ সেৱন কৰিব পৰা ব্যৱস্থা গ্ৰহণ কৰি বয়সৰ লগে লগে বাঢ়ি যোৱা এই ৰোগটোৰপৰা আমাৰ আৰোগ্য লাভ সম্ভৱ কৰি তুলিব৷ এয়া আমাৰ বিনম্ৰ, সকাতৰ অনুৰোধ৷ আপোনাৰ সদিচ্ছা আৰু তৎপৰতাই আমাৰ জীৱনলৈ মুক্তিৰ নতুন আস্বাদ কঢ়িয়াই আনিব বুলি আশাৰে বাট চাই ৰ’লোঁ৷
শৰ্মিষ্ঠা প্ৰীতম বৰুৱা
পূব শালমৰা, ডাকঘৰঃ ফুলগুৰি, পিন নংঃ ৭৮২১০৩, থানাঃ ৰহা, জিলাঃ নগাঁও [অসম]

শৰ্মিষ্ঠা প্ৰীতমৰ এই আহ্বানলৈ সহাঁৰি দিবলৈ আন বহু লোকেই মুখ্যমন্ত্ৰীগৰাকীক অনুৰোধ জনাইছে

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.