শৰ্মা-চাংমাৰ বৈঠক !কিহৰ ইংগিত এইয়া

Share This Article

২মাৰ্চত মেঘালয়,নাগালেণ্ড আৰু ত্ৰিপুৰাৰ ভোট গণনা অনুষ্ঠিত হ’ব।ইতিমধ্যে ৰাজ্য কেইখনত ইয়াৰ বাবে সকলো প্ৰস্তুতি সম্পন্ন কৰা হৈছে।কিন্তু বৃহস্পতিবাৰৰ ভোট গণনাৰ আগদিনা অৰ্থাৎ বুধবাৰে মেঘালয় আৰু অসমৰ মুখ্যমন্ত্ৰী একেলগে এক বৈঠকত বহিল।এই বৈঠকে বহন কৰিছে বিশেষ তাৎপৰ্য।উল্লেখ্য যে বিভিন্ন প্ৰতিষ্ঠানে চলোৱা আগতীয়া সমীক্ষাত মেঘালয়ত ওলোমা বিধানসভা গঠনৰ ইংগিত পোৱা গৈছে।এই সম্ভাব্য ফলাফলৰ উমান পায় ইতিমধ্যে গুৱাহাটীত উপস্থিত হৈছেহি মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা৷নিৰ্বাচনী ফলাফলৰ পিছত মিত্ৰতা কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হ’লে বিজেপিৰ সহায়ৰ প্ৰয়োজন হ’ব বুলিয়েই দুয়োগৰাকী মুখ্যমন্ত্ৰী এই গোপন বৈঠকত মিলিত হৈছে।নিশা এক গোপন বৈঠকত অংশ লৈ পুৱা তুৰালৈ উভতি যোৱাৰ তথ্য ইতিমধ্যে বিশেষ সূত্ৰই প্ৰকাশ কৰিছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.