সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

শ্ল’ পইজন দি স্তব্ধ কৰিব বিচৰা হৈছিল লতা মংগেশকাৰৰ কণ্ঠ

৯২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে ভাৰত ৰত্ন লতা মংগেশকাৰে ৷ জীৱনৰ বেছিভাগ সময় তেও কটাইছিল সংগীত ষ্টুডিওত ৷ কিন্তু এইগৰাকী গায়িকাৰ কণ্ঠ চিৰদনলৈ স্তব্ধ কৰি দিবলৈ ষড়যন্ত্ৰ ৰচনা কৰা হৈছিল ৷ ইয়াৰ বাবে তেওৰ খাদ্যত মিহলোৱা হৈছিল শ্ল’ পইজন ৷
তেতিয়া লতা মংগেশকাৰৰ বয়স ৩২ বছৰ ৷ সেই সময়তে লতাৰ কণ্ঠ স্তব্ধ কৰিবলৈ গভীৰ ষড়যন্ত্ৰ ৰচনা কৰা হৈছিল ৷ এদিন অকস্মাৎ তীব্ৰ পেটৰ বিষ অনুভৱ কৰিলে লতা মংগেশকাৰে ৷ বমি হ’বলৈ আৰম্ভ কৰিলে ৷ তৎক্ষণাৎ চিকিৎসকক মাতি অনা হ’ল ৷ ডাক্তৰে পৰীক্ষা কৰি ক’লে যে শ্ল’পইজন দি লতাক হত্যা কৰাৰ ষড়যন্ত্ৰ কৰা হৈছিল ৷ এই ঘটনাৰ পাছতে লতা মংগেশকাৰৰ ৰান্ধনিজনে পলায়ন কৰিলে ৷ এই বিষৰ ইমানেই কু- প্ৰভাৱ আছিল যে সম্পূৰ্ণ আৰোগ্য হ’বলৈ তেওক ৩ মাহ সময়ৰ প্ৰয়োজন হ’ল ৷

এই ঘটনা নিজেই এটা সাক্ষাৎকাৰত অৱগত কৰিছিল লতা মংগেশকাৰে ৷

- Donation -

Leave A Reply

Your email address will not be published.