শ্ল’ পইজন দি স্তব্ধ কৰিব বিচৰা হৈছিল লতা মংগেশকাৰৰ কণ্ঠ

Share This Article

৯২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে ভাৰত ৰত্ন লতা মংগেশকাৰে ৷ জীৱনৰ বেছিভাগ সময় তেও কটাইছিল সংগীত ষ্টুডিওত ৷ কিন্তু এইগৰাকী গায়িকাৰ কণ্ঠ চিৰদনলৈ স্তব্ধ কৰি দিবলৈ ষড়যন্ত্ৰ ৰচনা কৰা হৈছিল ৷ ইয়াৰ বাবে তেওৰ খাদ্যত মিহলোৱা হৈছিল শ্ল’ পইজন ৷
তেতিয়া লতা মংগেশকাৰৰ বয়স ৩২ বছৰ ৷ সেই সময়তে লতাৰ কণ্ঠ স্তব্ধ কৰিবলৈ গভীৰ ষড়যন্ত্ৰ ৰচনা কৰা হৈছিল ৷ এদিন অকস্মাৎ তীব্ৰ পেটৰ বিষ অনুভৱ কৰিলে লতা মংগেশকাৰে ৷ বমি হ’বলৈ আৰম্ভ কৰিলে ৷ তৎক্ষণাৎ চিকিৎসকক মাতি অনা হ’ল ৷ ডাক্তৰে পৰীক্ষা কৰি ক’লে যে শ্ল’পইজন দি লতাক হত্যা কৰাৰ ষড়যন্ত্ৰ কৰা হৈছিল ৷ এই ঘটনাৰ পাছতে লতা মংগেশকাৰৰ ৰান্ধনিজনে পলায়ন কৰিলে ৷ এই বিষৰ ইমানেই কু- প্ৰভাৱ আছিল যে সম্পূৰ্ণ আৰোগ্য হ’বলৈ তেওক ৩ মাহ সময়ৰ প্ৰয়োজন হ’ল ৷

এই ঘটনা নিজেই এটা সাক্ষাৎকাৰত অৱগত কৰিছিল লতা মংগেশকাৰে ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.